অসম

assam

ETV Bharat / state

Awareness Walkathon in Diphu : ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বাবে সজাগতা কাৰ্যসূচী - mountaineer

তৰুণ প্ৰজন্মৰ ভোটাৰৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে ডিফুত বিশেষ সজাগতা কাৰ্যসূচী ৰূপায়ন ৷ সজাগতা কাৰ্যসূচীত শতাধিক এথলেট, পৰ্বতাৰোহী আৰু এনচিচি ক্ৰেডেটৰ অংশগ্ৰহণ ৷

Awareness-walkathon-in-diphu-on-the-occasion-of-special-amendment-2022-in-voters-list
ভোটাৰ তালিকাৰ বিশেষ সংশোধনী 2021 উপলক্ষে বিশেষ সজাগতা কাৰ্যসূচী

By

Published : Nov 21, 2021, 8:40 PM IST

ডিফু, ২১ নৱেম্বৰ :ৰাজ্যজুৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী 2021ৰ লগত সংগতি ৰাখি নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে দেওবাৰে কাৰ্বি আংলং জিলাত এক বিশেষ সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ সজাগতা কাৰ্যসূচীৰ অংশ স্বৰূপে দেওবাৰে পুৱা ডিফু কাছা ষ্টেডিয়ামৰ পৰা ডিফু চহৰৰ মাজেৰে ভোটাৰৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে ৱাকাথন অনুষ্ঠিত কৰা হয় ৷

এক বাৰ্তালাপত নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙীয়াই কয় যে, নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে 13, 14,21 আৰু 27 নৱেম্বৰত সমগ্ৰ জিলাতেই ভোটাৰ তালিকাৰ বিশেষ সংশোধনী 2022ৰ বাবে কেতবোৰ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

ভোটাৰ তালিকাৰ বিশেষ সংশোধনী 2021 উপলক্ষে বিশেষ সজাগতা কাৰ্যসূচী

দেওবাৰে পুৱাৰ ভাগতে ডিফু কাছা ষ্টেডিয়াম(Diphu Kasa Stadium)ত এথলেট(Athletics), পৰ্বতাৰোহী(Mountainer ) আৰু এনচিচি ক্ৰেডেট(NCC Caded) সকলৰ অংশ গ্ৰহণেৰে ডিফু চহৰৰ মাজেৰে ৱাকাথন উলিওৱা হয় ৷ অংশগ্ৰহণকাৰী সকলে ডিফু কাছা ষ্টেডিয়ামৰ পৰা ডিফু টাউনহৈ ডিফু চৰকাৰী বালক বিদ্যালয় পথেৰে পুনৰ কাছা ষ্টেডিয়ামলৈ ঘূৰি আহে ৷

বিষয়াগৰাকীয়ে লগতে কয় যে , ইতিমধ্যে 18 বছৰ সম্পূৰ্ণ হোৱা যুৱক-যুৱতী আৰু 2022ৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হ'বলগীয়া যুৱক-যুৱতী সকলে ভোটাৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰাৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায় ৷

দেওবাৰে অনুষ্ঠিত সজাগতামূলক ৱাকাথন কাৰ্যসূচীত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া চন্দ্ৰধ্বজ সিন্হা আৰু কাৰ্বি আংলং জিলাৰ আদৰ্শ পুৰুষ তথা এভাৰেষ্ট বিজয়ী খৰছিং টেৰণেও অংশ গ্ৰহণ কৰে ৷ ইয়াৰোপৰি ভোটাধিকাৰ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ জিলা তথ্য আৰু জনসংযোগ বিভাগে ঠায়ে ঠায়ে গৈ প্ৰচাৰ চলায় ৷

লগতে পঢ়ক :Sarbananda Sonowal at sonari : সাংসদ তপন গগৈৰ মাতৃ বিয়োগৰ খবৰ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details