ডিফু, ২০ জানুৱাৰী: অসমৰ সাহিত্য জগতৰ অন্যতম কাণ্ডাৰী, 'ৰংমিলিৰ হাঁহি'ৰ শ্ৰষ্টা, পদ্মশ্রী ৰংবং তেৰাঙক 'লাম্মেত আছামফ্রি'(সাহিত্য সূর্য) বঁটাৰে সন্মানিত কৰা হৈছে । কার্বি আংলং জিলা কবি সন্মিলনৰ সম্পাদক ভৱপ্রসাদ দেউৰীয়ে বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতিগৰাকীৰ জীৱনজোৰা সাহিত্য সাধনাৰ প্রতি সন্মান জনাই বিশিষ্ট সাহিত্যিকগৰাকীলৈ এই বঁটা আগবঢ়ােৱা হৈছে ।
পদ্মশ্ৰী ৰংবং তেৰাঙলৈ 'লাম্মেত আছামফ্রি' বঁটা - পদ্মশ্রী ৰংবং তেৰাং
অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি পদ্মশ্রী ৰংবং তেৰাঙলৈ আগবঢ়োৱা হৈছে 'লাম্মেত আছামফ্রি'(সাহিত্য সূর্য) বঁটা । কার্বি আংলং জিলা কবিসম্মিলনৰ তৰফৰ পৰা প্রথিতযশা সাহিত্যিকগৰাকীলৈ এই বঁটা আগবঢ়োৱা হৈছে ।
পদ্মশ্ৰী ৰংবং তেৰাঙলৈ 'লাম্মেত আছামফ্রি' বঁটা
অহা ১৪ ফেব্রুবাৰীত ডিফু ক্লাব প্রাংগণত কার্বি আংলং জিলা কবি সম্মিলনৰ তৰফৰ পৰা প্রথিতযশা সাহিত্যিকগৰাকী আনুষ্ঠানিকভাৱে বঁটা প্রদান কৰা হ'ব । উক্ত অনুষ্ঠানতে কার্বি আংলং জিলা কবি সন্মিলনে যােৱা দহ বছৰৰ শ্রেষ্ঠ কাব্য-সাহিত্য সম্পর্কীয় সন্মান আৰু বঁটাসমূহাে প্রদান কৰিব । দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল ৰংবং তেৰাঙে ।
লগতে পঢ়ক:ধেমাজিত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ