ডিফু, 4 নৱেম্বৰ : অসম-মেঘালয়ৰ সীমা বিবাদ(Assam Meghalaya border conflict) মীমাংসাক লৈ কাৰ্বি আংলং জিলাত অব্যাহত আছে বিভিন্ন প্ৰতিবাদী কাৰ্য্যসূচী । পশ্চিম কাৰ্বি আংলং জিলাৰ অসম -মেঘালয় সীমান্তৰ এক বৃহৎ ভূখণ্ড মেঘালয়ে ক্ৰমাৎ কৌশলেৰে দখল কৰাৰ লগতে এয়া বিবাদিত অঞ্চল বুলি প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ বিভিন্ন দল-সংগঠনৰ ৷ এই লৈ ডিমা হাচাও আৰু কাৰ্বি আংলং- দুয়োখন পাৰ্বত্য জিলাৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । ইতিমধ্যে দুয়োখন চুবুৰীয়া ৰাজ্যৰ চৰকাৰে সমিতি গঠন কৰি এই বিতৰ্কিত অঞ্চলসমূহত জৰীপ চলাই আছে ।
শেহতীয়াকৈ এই জ্বলন্ত সমস্যাটোৰ শীঘ্ৰে সমাধানৰ দাবীৰে বৃহস্পতিবাৰে ডিফুত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আঞ্চলিক ৰাজনৈতিক দল এ এছডিচিৰ(Autonomous State Demand Committee) যুৱ সমিতিয়ে । চহৰখনৰ ছেমচন সিং ইংতি সোঁৱৰণী উদ্যানৰ সন্মুখত পুৱাৰে পৰা যুৱ সংগঠনটোৰ নেতৃত্বই উত্তল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। এই প্ৰতিবাদী কাৰ্যসূচীত বহুকেইটা জাতীয় দল সংগঠনে কৰিলে সহযোগ (ASDC protest at Diphu)।
প্ৰতিবাদত অংশ গ্ৰহণ কৰা দল-সংগঠন সমূহৰ প্ৰতিনিধিৰ অভিযোগ, "অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ সকলো দল সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ উক্ত বিষয়টো সন্দৰ্ভত এক সঠিক সিদ্ধান্ত লোৱাৰ প্ৰতিশ্ৰুতি দিছিল । এতিয়া এই প্ৰতিশ্ৰুতি সম্পন্ন কৰাৰ বিপৰীতে চৰকাৰে block 1 আৰু block 2 নামেৰে পৰিচিত সীমান্ত অঞ্চলটোত জৰীপ চলায়েই সামৰিব বিচাৰিছে দ্বায়িত্ব" । চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদত অংশগ্ৰহণ কৰা বিভিন্ন দল সংগঠনৰ নেতৃত্বই মেঘালয়ক কাৰ্বি আংলঙৰ এক ইঞ্চি ভূমিও প্ৰদান কৰা নহ’ব বুলি হুংকাৰ প্ৰদান কৰে ।