অসম

assam

By

Published : Sep 2, 2021, 1:05 PM IST

ETV Bharat / state

দেৱনাগৰী লিপি চুক্তিত অন্তৰ্ভুক্ত হ’লে জ্বলিব পাহাৰ : ৰবীন্দ্ৰ ৰংপি

4 ছেপ্তেম্বৰত 6 টা বিদ্ৰোহী সংগঠনৰ সৈতে হ’ব লগা শান্তি চুক্তিত কাৰ্বি ভাষাৰ পৰিৱৰ্তে দেৱনাগৰী লিপি অন্তৰ্ভুক্ত কৰিব নোৱাৰে ৷ এই বিষয়ত এক সংবাদমেলযোগে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ(Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ(Tuliram Ronghang) হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে আঞ্চলিক দল এএছডিচি(ASDC), চিচিইউ, কাৰ্বি ছাত্ৰ সন্থা, জাকাছ, কেএনচিএ আৰু হিলছ ট্ৰাইবেল লীগে ৷

asdc pressmeet
এ এছ ডি চিৰ সংবাদমেল

ডিফু, 2 ছেপ্তেম্বৰ : কাৰ্বি আংলঙৰ আঞ্চলিক দল এ এছ ডি চিৰ(ASDC) চি চি ইউ, কাৰ্বি ছাত্ৰ সন্থা, জাকাছ, কে এন চি এ আৰু হিলছ ট্ৰাইবেল লীগৰ সৈতে যৌথ সংবাদমেল সম্বোধন ৷ সংবাদমেলৰ জৰিয়তে দলকেইটাই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ(Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ(Tuliram Ronghang) হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

এ এছ ডি চিৰ সংবাদমেল

সংগঠনকেইটাৰ নেতৃত্বই সংবাদমেলখন সম্বোধন কৰি কয়, ‘‘আমি ৰাজ্য চৰকাৰ আৰু পৰিষদক স্পষ্ট কৰি দিব বিচাৰিছো যে সীমা সমস্যা, 1951 চনৰ সীমাৰ আধাৰতহে সমাধান কৰিব লাগিব ৷ চৰকাৰক 1995 চনৰ এম অ’ ইউ আৰু 2011 চনৰ এম অ’ এছ ৰূপায়ণ কৰাৰ দাবী জনাইছো ৷ আমি পৰিষদৰ ক্ষমতাত ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰো বিৰোধিতা কৰিছো’’ ৷

এ এছ ডি চিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে কয় যে, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ 1951 চনৰ সীমা সুৰক্ষিত ৰাখিহে মুখ্যমন্ত্ৰীয়ে দিয়া আৰু লোৱা নীতি গ্ৰহণ কৰক ৷ 4 ছেপ্তেম্বৰত 6 টা বিদ্ৰোহী সংগঠনৰ লগত হ’ব লগা শান্তি চুক্তিক আদৰণি জনাই তেওঁ কয়, ‘‘কেৱল চুক্তি কৰিলেই নহয়, চৰকাৰে চুক্তি ৰূপায়ণত গুৰুত্ব দিয়ক’’ ৷

লগতে পঢ়ক:NHPC ৰ পৰা কি ক’লে শংকৰজ্য়োতি বৰুৱাই ?

আনহাতে, সংবাদমেলত চি চি ইউৰ উপ সভাপতি ৰবীন্দ্ৰ ৰংপিয়ে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তেওঁ উমলাফেৰত ৰাইজ আৰু অসম আৰক্ষীয়ে ঐক্যবদ্ধ হৈ সীমা ৰক্ষা কৰাৰ বাবে আৰক্ষী আৰু ৰাইজক ধন্যবাদ জনায় ৷ কাৰ্বি আংলং জিলাৰ বনাঞ্চল দৈনিক বৃহৎ হাৰত ধ্বংস হোৱা বুলি প্ৰকাশ কৰে উপ সভাপতিগৰাকীয়ে ৷

বন বিভাগ নামৰ এটা বিভাগ আছেনে নাই বুলি প্ৰশ্ন কৰি চি চি ইউৰ উপ সভাপতি ৰবীন্দ্ৰ ৰংপিয়ে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক বনাঞ্চল ৰক্ষাৰ দাবী জনায় ৷ আনকি সকলোৱে দেখাকৈ মাৰট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য বেদখলকাৰীৰ কবলত পৰা বুলিও সংবাদমেলত সদৰী কৰে ৷

এনেধৰণৰ অবৈধ কাৰ্য কৰি থাকিলে সেউজীয়া কাৰ্বি আংলং সেউজীয়া হৈ নাথাকিব বুলি কৈ বন বিভাগক কিছু সততাৰে কাম কৰাৰ আহ্বান জনায় ৷ নেতাগৰাকীয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, স্বাক্ষৰ হ’ব লগা শান্তি চুক্তিত কাৰ্বি ভাষা সংবিধানৰ 8 নং অনুচ্ছেদত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ কিন্তু তাৰ বাবে দেৱনাগৰী লিপি ল’ব লাগিব ৷

আৰ এছ এছে সংগঠনসমূহক এই হেঁচা দিয়া বুলি তেওঁ অভিযোগ উত্থাপন কৰে ৷ লিপিক লৈ 1971-72 চনত এক আন্দোলন হৈছিল আৰু কাৰ্বিসকলে ৰোমান লিপি গ্ৰহণ কৰে ৷ এতিয়া আকৌ দেৱনাগৰী লিপি গ্ৰহণ কৰাৰ বাবে কাৰ্বি ভাষা পিছপৰি ৰ’ব নোৱাৰে ৷ এনে সিদ্ধান্ত ল’লে কাৰ্বি পাহাৰত জুই জ্বলিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক:জৈৱ গেছৰ প্ৰসাৰৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ই-কনক্লেভ

ABOUT THE AUTHOR

...view details