অসম

assam

কাৰ্বি আংলঙৰ বিৰোধী আঞ্চলিক ৰাজনৈতিক দলৰ নতুন সমীকৰণ

By

Published : Jul 28, 2021, 1:34 PM IST

বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ ঐক্যবদ্ধ হ'ব দুটা আঞ্চলিক ৰাজনৈতিক দল ক্ৰমে এ এছ ডি চি (ASDC) আৰু এ পি এইছ এল চি (APHLC) ৷ দুয়োটা আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে বিভিন্ন অৰাজনৈতিক সংগঠন আৰু নাৰী শক্তি সমূহে ঐক্যবদ্ধ হোৱাৰ বাবে সংকল্পবদ্ধ হৈছে ।

asdc aphlc press meet
কাৰ্বি আংলঙৰ বিৰোধী আঞ্চলিক ৰাজনৈতিক দলৰ নতুন সমীকৰণ

ডিফু, ২৮ জুলাই :বিজেপি শাসিত দুই পাৰ্বত্য জিলা কাৰ্বি আংলং (Karbi Anglong)আৰু পশ্চিম কাৰ্বি আংলঙত (West Karbi Anglong) বিৰোধী আঞ্চলিক দুই দলৰ মাজত হ'বলৈ গৈ আছে নতুন সমীকৰণ । বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ ঐক্যবদ্ধ হ'ব দুটা আঞ্চলিক ৰাজনৈতিক দল ক্ৰমে এ এছ ডি চি (ASDC) আৰু এ পি এইছ এল চি (APHLC) ৷ চন্দ্ৰকান্ত টেৰাঙ নেতৃত্বাধীন স্বায়ত্তৰাজ্য দাবী সমিতি চমুকৈ এ এছ ডি চি (ASDC) আৰু জে আই কাথাৰ নেতৃত্বাধীন অল পাৰ্টী হীলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এ পি এইছ এল চি (APHLC) অগ্ৰসৰ হৈছে ঐক্যবদ্ধ হোৱাৰ দিশে ৷

বুধবাৰে ডিফুত দুয়োটা দলে আয়োজিত কৰা এক সংবাদমেলত এই কথা ঘোষণা কৰে নেতাসকলে ৷ এই সন্দৰ্ভত এ এছ ডি চি (ASDC) দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে কয় যে, সময়,পৰিস্থিতি আৰু ৰাইজৰ দাবীত দল দুটাই একত্ৰিত হোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ পাহাৰীয়া জিলা দুখনত আঞ্চলিক শক্তিসমূহ একত্ৰিত হৈ যুঁজ দিয়াটো ৰাইজে বিচাৰিছে বাবেই তেনে দাবীৰ প্ৰতি সন্মান জনাই দল দুটাৰ মাজত একত্ৰিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি কয় সভাপতি গৰাকীয়ে ৷

কাৰ্বি আংলঙৰ বিৰোধী আঞ্চলিক ৰাজনৈতিক দলৰ নতুন সমীকৰণ

সোমবাৰে দুয়োটা দলৰ মাজত হোৱা দীৰ্ঘ আলোচনাৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে জিলা দুখনৰ মূল দাবী সন্দৰ্ভত ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কয় নেতাগৰাকীয়ে ৷

আনহাতে এ এছ ডি চি দলে সংগ্ৰামৰ জৰিয়তে লাভ কৰা ক্ষমতাসমূহ, ষষ্ঠ অনুসূচীৰ ক্ষমতা কংগ্ৰেছ আৰু বিজেপিৰ শাসন কালত হ্ৰাস পোৱাৰ অভিযোগ কৰে নেতাগৰাকীয়ে ৷ বিগত ৭ বছৰে বিজেপি শাসনত থকাৰ পিছতে স্বায়ত্ত ৰাজ্যৰ দাবী ৰূপায়ণ ব্যৱস্থাৰ কথা ভাবিব নোৱাৰিলে বুলি মন্তব্য কৰে ৷ দুয়োটা আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে বিভিন্ন অৰাজনৈতিক সংগঠন আৰু নাৰী শক্তি সমূহে ঐক্যবদ্ধ হোৱাৰ বাবে সংকল্পবদ্ধ হৈছে বুলিও কয় নেতাগৰাকীয়ে ৷ ইয়াৰ বাবে এক উমৈহতীয়া মঞ্চ গঢ়ি তোলা হ'ব যদিও ইয়াৰ নাম আৰু অনান্য বিষয় সমূহ এতিয়ালৈকে নিশ্চিত কৰা হোৱা নাই বুলি জনায় চন্দ্ৰকান্ত তেৰাঙে ৷

অহা ৯ আগষ্টত ডিফু ক্লাৱত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসৰ (International day of Indigenous Peoples) দিনা দুয়োটা দল ঐক্যবদ্ধ হ'ব বুলি জানিবলৈ দিয়ে সভাপতি গৰাকীয়ে ৷ সংবাদমেলত এ.পি.এইছ.এল.চিৰ সভাপতি অৱসৰ প্ৰাপ্ত আই.এ.এছ বিষয়া জে আই কাথাৰো উপস্থিত থাকে ৷

লগতে পঢ়ক :দুৰ্বৃত্তই ভাঙিলে জাতিৰ পিতাৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details