অসম

assam

ETV Bharat / state

কার্বি আংলঙত কংগ্রেছৰ উত্তাল প্রতিবাদ - DIPHU

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ দলৰ সদস্য সকলে ৷ অতি শীঘ্ৰেই পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি ইন্ধনজাত সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷

CONGRESS PROTTEST AT DIPHU
কার্বি আংলঙত কংগ্রেছৰ উত্তাল প্রতিবাদ

By

Published : Jan 22, 2021, 10:08 PM IST

ডিফু, ২২ জানুৱাৰী: বিজেপি চৰকাৰৰ বিৰুদ্ধে অপশাসনৰ অভিযােগ তুলি আজি কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফু আৰু বােকাজান চহৰত কংগ্রেছ দলে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে। ডিফুস্থিত কার্বি আংলং জিলা কংগ্রেছৰ কর্যালয়ৰ সম্মুখত কংগ্ৰেছৰ ভালেসংখ্যক নেতা-কর্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰে কৰা জন-বিৰোধী নীতি সমূহক কঠোৰ ভাষাৰ সমালােচনা কৰে ।

কার্বি আংলঙত কংগ্রেছৰ উত্তাল প্রতিবাদ

সমান্তৰালকৈ বােকাজানতাে কংগ্রেছ দলৰ নেতা-কর্মীসকলে চাইকেল সমদল কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্রতিবাদ সাব্যস্ত কৰে। প্রতিবাদকাৰী সকলে লগতে 'কৃষকৰ অধিকাৰ সুৰক্ষিত কৰক, বিজেপি চৰকাৰ গ' বেক', পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্রী সমূহৰ মূল্য হ্রাস কৰক, 'গণতন্ত্রক ৰক্ষা কৰক, কৃষকৰ অধিকাৰ সুৰক্ষিত কৰক' আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে, পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ ডিফুৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে যদি অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য হ্ৰাস নকৰে, তেনেহ'লে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক-মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details