অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙত সেনাৰ সৌৰ চাকি বিতৰণ - কাৰ্বি আংলঙত সেনাৰ সৌৰ চাকি বিতৰণ

গাঁওখনৰ আৰ্থিকভাবে অধিক দুৰ্বল লোকসকলৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচিত ৪০ জন লোকৰ মাজত সেনা বাহিনীৰ তৰফৰ পৰা এই সৌৰচাকি সমূহ বিতৰণ কৰা হয়

কাৰ্বি আংলঙত সেনাৰ সৌৰচাকি বিতৰণ

By

Published : Nov 20, 2019, 11:43 PM IST

ডিফু, ২০ নৱেম্বৰঃ ভাৰতীয় সেনা- বাহিনীৰ সদ্ভাৱনা অভিযানৰ অধীনত আৰু ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত বুধবাৰে কাৰ্বি আংলঙৰ মংবুং গাঁৱৰ স্থানীয় লোক সকলৰ মাজত ৪০ টা সৌৰচাকি বিতৰণ কৰা হয় ৷ এক বিবৃতি যোগে সেনাৰ তৰফৰ পৰা জনোৱা অনুসৰি, উন্নয়ণৰ সকলো সা-সুবিধাৰ পৰা বঞ্চিত মংবুঙবাসীয়ে আনকি বিদ্যুৎ সেৱাৰ পৰাও দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে ৷ বছৰ বছৰ ধৰি উগ্ৰপন্থী সমস্যাই জুৰুলা কৰা স্থানীয় গাঁওবাসীৰ আৰ্থিক অৱস্থাও সুবিধাজনক নহয় ৷ সেয়েহে গাঁওখনৰ আৰ্থিকভাৱে অধিক দুৰ্বল লোকসকলৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচিত ৪০ জন লোকৰ মাজত সেনা বাহিনীৰ তৰফৰ পৰা এই সৌৰচাকি সমূহ বিতৰণ কৰা হয় ৷ সৌৰচাকি বিচৰণ অনুষ্ঠানত গাঁওখনৰ ভালে সংখ্যক লোক উপস্থিত থকা বুলি বিবৃতিটোত প্ৰকাশ কৰে ৷

কাৰ্বি আংলঙত সেনাৰ সৌৰচাকি বিতৰণ

ABOUT THE AUTHOR

...view details