ডিফু, ২৫ ফেব্ৰুৱাৰীঃ বটদ্ৰৱা প্ৰকল্প শুভাৰম্ভ কৰা পিচতে আজি কাৰ্বি আংলঙত উপস্থিত হয় কেন্দ্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ ৷ ইয়াৰ পিচতে ডকমকা ডেনগাঁৱৰ নুৰৎ আক্লামত বৃহৎ জনসভা অংশগ্ৰহণ কৰে অমিত শ্বাহে ৷
সভাত জনতাক সম্বোধন কৰি অমিত শ্বাহে কয় বিজেপিক আৰু ৫ বছৰ সুবিধা দিলে অসমক বানপানী মুক্ত কৰাৰ লগতে অসমক বিকাশৰ সৰ্বোচ্ছ শাৰীত ৰখা হব ৷ লগতে জনসভাত জিলাখনৰ সহস্ত্ৰ সংগঠন কেএনএলএফ, কেপিএলটি, ইউপিএলএ আৰু পিডিচিকে সহস্ৰাধিক কেডাৰৰ অস্ত্ৰ সম্বৰণক আদৰণি জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷
হেলিকপ্টাৰে পাহাৰৰ অপূৰ্ব সৌন্দৰ্য আৰু চিৰ সেউজ পৰিবেশৰ মাদকতা উপভোগ কৰি আনন্দিত হলো ৷ বিগত ৫ টা বছৰত কাৰ্বি আংলঙৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ব্যাপক হাৰত উন্নয়ণ হৈছে ৷ কাৰ্বি আংলঙৰ অবিহনে অসমখনক অনুভৱ কৰিব নোৱাৰে ৷ সভাত অমিত শ্বাহে কয় ৷