ডিফু, ১৩ জুলাই :কাৰ্বি আংলঙত ছয়টাকৈ অস্ত্ৰবিৰতিত থকা উগ্ৰপন্থী সংগঠনৰ চৰকাৰৰ সৈতে প্ৰস্তাৱিত শান্তিচুক্তি(peace accord) প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত আছে ৷ এনে সময়তে জিলা দুখনত তৎপৰ হৈ থকা কুকি সশস্ত্ৰ উগ্ৰপন্থী সংগঠন পুনৰবাৰ চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে ৷ পাৰ্বত্য জিলা কাৰ্বি আংলঙত থকা কুকি সকলৰ ৰাজনৈতিক অধিকাৰৰ বাবে গঠন হোৱা ইউনাইটেড পিপুলছ ৰিভ’ল্যুশ্যনাৰী ফ্ৰণ্ট(UPRF) চমুকৈ ইউপিআৰএফৰ স্বয়ম্ভূ সেনাধ্যক্ষ মানগীন খলহৌ ওৰফে বীৰাপ্পান ১১ জুলাইৰ পুৱাৰ ভাগত সশস্ত্ৰ সংগঠনটোৰ সতীৰ্থ সকলৰ সৈতে হোৱা প্ৰচণ্ড গুলীয়াগুলীত নিহত হয় ৷
কাৰ্বি আংলঙৰ সিংহাসন পাহাৰত আত্মগোপন কৰি সশস্ত্ৰ তৎপৰতা অব্যাহত ৰখা কুকি বিদ্ৰোহী সংগঠনটোৰ মাজত সৃষ্টি হোৱা আভ্যন্তৰীণ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে । সংগঠনটোৰ নিজৰ মাজতে সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত সংগঠনটোৰে শীৰ্ষতম নেতা তথা ইউপিআৰএফৰ মুখ্য সেনাধক্ষ্য(commander in chief) মানগীন খলহৌ ওৰফে বীৰাপ্পানে(Veerappan) সতীৰ্থৰ গুলীত প্ৰাণ দিবলগীয়া হয় ৷ এই ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে সংগঠনটোৰ অস্তিত্বৰ প্ৰতি প্ৰশ্নবোধক আহি পৰিছে ৷
উল্লেখযোগ্য যে, যোৱা ১১ জুলাইত পাহাৰীয়া জিলাখনৰ বোকাজান থানাৰ অন্তৰ্গত টকৌলাংছ’ৰ সমীপৱৰ্তী খেমপিবুং নামৰ অতিকে দুৰ্গম পাহাৰীয়া অঞ্চলত সংগঠনটোৰ কেডাৰসকলৰ মাজতে প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় । পুৱতি নিশা সংঘটিত হোৱা এই তুমুল সংঘৰ্ষৰ ঘটনাত ইউ পি আৰ এফৰ সেনাধক্ষ্যগৰাকীৰ সংঘৰ্ষস্থলীতে নিহত হোৱাৰ বাতৰি পোৱা গৈছিল ।