অসম

assam

ETV Bharat / state

ডিফুত আছুৰ জোঁৰ সমদলত আৰক্ষীৰ বাধা প্ৰদান

ৰাজ্যজুৰি শুকুৰবাৰে প্ৰতিবাদ মুখৰ হৈ পৰিল সদৌ অসম ছাত্ৰ সন্থা ৷ পাহাৰীয়া জিলা কার্বি আংলঙতাে ‘কা’ বাতিল, ইআইএ-২০২० প্রত্যাহাৰ, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ আৰু অসমৰ জলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি আটক হ’ল আছু সদস্য ৷

By

Published : Jan 23, 2021, 7:55 AM IST

aasu protest
aasu protest

ডিফু, ২২ জানুৱাৰী :সমগ্র ৰাজ্যৰ লগতে শুকুৰবাৰে পাহাৰীয়া জিলা কার্বি আংলঙতাে ‘কা’ বাতিল, ইআইএ-২০২० প্রত্যাহাৰ, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ আৰু অসমৰ জলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবীত পুনৰ সৰৱ হৈ উঠিল সদৌ অসম ছাত্র সন্থা ৷ আছুৰ কার্বি আংলং জিলা সমিতিৰ শতাধিক প্রতিবাদকাৰীয়ে ডিফুৰ ছেমছনছিং ইংতি মেমৰিয়েল পার্কৰ সন্মুখত হাতে হাতে জোঁৰ লৈ ডিফু চহৰৰ মাজেৰে সমদল উলিয়াবলৈ সমবেত হয় ।

ডিফুত আছুৰ জোঁৰ সমদল

উক্ত সময়ত প্রতিবাদথলীত ডিফু আৰক্ষী উপস্থিত হৈ প্রতিবাদকাৰী সকলক সমদল উলিওৱাত বাধা আৰোপ কৰে ৷ প্রতিবাদকাৰীসকলে নিজৰ স্থিতিত অটল হৈ সমদল উলিয়াবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে প্রতিবাদকাৰীসকলক আটক কৰি ডিফু থানালৈ লৈ যায় ৷ প্রতিবাদকাবীসকলে বিজেপি চৰকাৰ গ’ বেক, নৰেন্দ্র মােদী হায় হায়, বাংলাদেশী গ’ বেক, ‘কা’ বাতিল কৰক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তােলে ।

লগতে পঢ়ক :তেজপুৰত আছুৰ জোৰ সমদলত অঘটন

ABOUT THE AUTHOR

...view details