ডিফু, ৫ ফেব্রুৱাৰী:যােৱা ২ফেব্রুৱাৰীত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান কার্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত হােৱা লােকসকলৰ মাজত বিতৰণ কৰা খাদ্য় ভক্ষণ কৰাৰ পিছতে জিলাখনৰ প্রায় দুই শতাধিক লােক বিষক্রিয়াত আক্রান্ত হােৱাৰ ঘটনাই সমগ্র ৰাজ্য়তে তীব্ৰ প্রতিক্রিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে বিষয়টো সন্দর্ভত বিৰূপ প্রতিক্রিয়া অব্যাহত ৰখাৰ সময়তে শুকুৰবাৰে জিলাখনৰ সদৰ চহৰ ডিফুস্থিত জিলা প্রেছ ক্লাৱত এক সংবাদমেলৰ আয়ােজন কৰি ঘটনা সন্দর্ভত প্রতিক্রিয়া ব্য়ক্ত কৰে সদৌ অসম ছাত্র সন্থাই ।
সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ সদস্য চর্জুন হাঞ্চেই সংবাদমেল সম্বােধন কৰি অসমৰ মুখ্যমন্ত্রী, ৰাজ্যৰ স্বাস্থ্য়মন্ত্রী, কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দৰে বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা এখন সভাত সুদূৰ গুৱাহাটীৰ পৰা অনা খাদ্য গ্ৰহণ কৰি দুই শতাধিক লােক বিষক্রিয়াত আক্রান্ত হােৱা ঘটনাক গভীৰ আশ্চর্য প্রকাশ কৰে ৷ গুৱাহাটীৰ এম এছ ৰাছা নামৰ ৰেষ্টুৰেন্টখনৰ পৰা অনা আহাৰ গ্ৰহণ কৰাৰ পিছতে জিলাখনৰ দুই শতাধিক লােক বিষক্রিয়াত আক্রান্ত হােৱাৰ লগতে কাংবুৰা বে নামৰ এজন লােকজনৰ মৃত্যু হােৱা বুলি হাঞ্চেই মন্তব্য কৰে ।