অসম

assam

ETV Bharat / state

টোল গেটঃ আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ হুংকাৰ - যুৱ ছাত্ৰ পৰিষদ

কাৰ্বি আংলঙৰ প্ৰৱেশপথত নীতি বহিৰ্ভূতভাৱে অত্যধিক কৰ সংগ্ৰহ কৰাৰ বিৰুদ্ধে সৰৱ আছু-যুৱ ছাত্ৰ পৰিষদ ৷ উক্ত ঘটনাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ৷

AASU & AJYCP SUBMISSION MEMORENDUM AGINST ANTY TEX COLLECTION
টোল গেটঃ আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ হুংকাৰ

By

Published : Jun 16, 2020, 12:03 AM IST

ডিফু,১৫ জুনঃ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে স্থাপন কৰা টোল গেটত অত্যধিক কৰ সংগ্ৰহ কৰা অভিযোগ আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ ৷ অতি শীঘ্ৰে টোল গেটসমূহৰ বিৰুদ্ধে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সংগঠনৰ সদস্য সকলে ৷

উল্লেখ্য যে, ৩৬ আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাৰ্বি আংলং জিলাত প্ৰৱেশ কৰা যান বাহনসমূহৰ পৰা কৰ সংগ্ৰহৰ বাবে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে স্থাপন কৰা টোল গেটসমূহক লৈ পূৰ্বৰে পৰা বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে । ইয়াৰ মাজতে জিলাখনৰ বিভিন্ন প্ৰান্তত থকা এনে কৰ সংগ্ৰহকাৰী গেটসমূহে যান বাহনৰ পৰা মাত্ৰাধিক পৰিমাণৰ মাছুল সংগ্ৰহ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰে জিলাখনৰ বোকাজান চহৰ । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কাৰ্বি ছাত্ৰ সন্থাই সোমবাৰে পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত টোল গেটসমূহে এনেদৰে অবৈধভাৱে মাত্ৰাধিক পৰিমাণৰ কৰ সংগ্ৰহ কৰা কাৰ্যৰ বিৰুদ্ধে গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনকেইটাই বোকাজানৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী, কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু জিলা উপায়ুক্তলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

টোল গেটঃ আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ হুংকাৰ

আনহাতে, বোকাজান আঞ্চলিক ছাত্ৰ সন্থায়ো আজি একেটা বিষয় সন্দৰ্ভত বোকাজানৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে । আটাইকেইটা ছাত্ৰ সংগঠনে প্ৰেৰণ কৰা স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি কাৰ্বি আংলঙত প্ৰৱেশ কৰিবলগীয়া যিকোনো বাণিজ্যিক বাহনৰ পৰা এই গেটসমূহে ন্যূনতম এটকাৰ পৰা সৰ্বাধিক দহ টকাকৈ সংগ্ৰহ কৰিব পাৰে । ইয়াতকৈ অধিক পৰিমাণৰ মাছুল সংগ্ৰহ কৰিলে গেটসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ কৰা আছে । ইয়াৰ পিছতো এই গেটসমূহে পৰিষদৰ সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি একো একোখন বাহনৰ পৰা কেইবা হাজাৰ টকা পৰ্যন্ত আদায় কৰি আহিছে । স্মাৰকপত্ৰ প্ৰদানৰ অন্তত আছুৱে বোকাজান বিলাতী মাটিৰ কাৰখানাৰ অতিথিশালাত এক সংবাদমেল আয়োজন কৰি টোল গেটসমূহত সংঘটিত হৈ অহা এনে দুৰ্নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে । সম্পূৰ্ণ নীতি-বৰ্হিভুতভাৱে কাৰ্বি আংলঙৰ প্ৰৱেশ পথসমূহত যান বাহনসমূহৰ পৰা জোৰ জুলুমকৈ অত্যধিক পৰিমাণৰ কৰ সংগ্ৰহ কৰি অহা টোল গেটসমূহৰ বিৰুদ্ধে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে সংগঠনকেইটাৰ সদস্য সকলে ।

লগতে পঢ়ক-মঙলদৈত বিশ্ব হিন্দু পৰিষদৰ ন্যায় বিচাৰি পথ অৱৰোধ

ABOUT THE AUTHOR

...view details