অসম

assam

ETV Bharat / state

চিকিৎসাৰ অভাৱত ডিফুত বাছ চালকৰ মৃত্যুৰ অভিযোগ - হৃদক্ৰিয়া বন্ধ

ডিমাপুৰৰ জিয়ন হাস্পতালত মৃত্যু লাংহিনৰ নিৱাসী ডিম্বেশ্বৰ ৱাৰী নামৰ (৫১) বছৰীয়া এগৰাকী বাছ চালকৰ ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ অভাৱত চালক গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল তথা আত্মীয়ই ৷

চিকিৎসাৰ অভাৱত ডিফুত বাছ চালকৰ মৃত্যুৰ অভিযোগ
চিকিৎসাৰ অভাৱত ডিফুত বাছ চালকৰ মৃত্যুৰ অভিযোগ

By

Published : Apr 18, 2021, 8:22 PM IST

ডিফু,18 এপ্ৰিল: দেওবাৰে কাৰ্বি আংলং জিলাৰ ডিফুত এগৰাকী বাছ চালকৰ মৃত্যুক লৈ বাছ চালকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে ৷ তথ্য অনুসৰি লাংহিনৰ নিবাসী ডিম্বেশ্বৰ ৱাৰী নামৰ (৫১) বছৰীয়া চালকজনে উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাত শনিবাৰে সন্ধিয়া ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসালয়খনত প্ৰয়োজনীয় যন্ত্ৰপাতিৰ অভাৱত ডিম্বেশ্বৰ ৱাৰীয়ে সু-চিকিৎসা লাভ নকৰিলে বুলি চালকসকলে অভিযোগ উত্থাপন কৰে ৷

ৱাৰীক ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ পিছত চিকিৎসা কৰ্মীসকলৰ গাফিলতিৰ বাবে বহু সময় বিনা চিকিৎসাত ছটফটাই থাকিবলগীয়া হয় ৷ পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীক জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় যদিও ৱাৰীৰ আত্মীয়ই জিএমচিএইচৰ পৰিৱৰ্তে ডিমাপুৰৰ জিয়ন হাস্পতাললৈ নিয়ে ৷ তাত ভৰ্তি কৰাৰ কিছু সময়ৰ পিছতে ডিম্বেশ্বৰ ৱাৰীয়ে অকাল মৃত্যুক সাৱটি লবলগীয়া হয় ৷ জিয়ন হাস্পতালৰ চিকিৎসকে হৃদক্ৰিয়া বন্ধ হৈ ৱাৰীৰ মৃত্যু ঘটা বুলি প্ৰমাণ পত্ৰ দিয়ে ৷ এই ঘটনাৰ প্ৰতিবাদত দেওবাৰে পুৱা ডিফু মটৰ পৰিবহণ চালক আৰু শ্ৰমিক সন্থাৰ একাংশ সদস্যই কৰ্মবিৰতি পালন কৰে ৷

চিকিৎসাৰ অভাৱত ডিফুত বাছ চালকৰ মৃত্যুৰ অভিযোগ

ইফালে, লাংহিনস্থিত ডিম্বেশ্বৰ ৱাৰীৰ বাসগৃহত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ একাংশ মটৰ চালকৰ লগতে কাৰ্বি আংলং মটৰ পৰিবহণ চালক আৰু শ্ৰমিক সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে আব্দুল নুৰ আৰু কৃষ্ণ ভট্টৰায়ে প্ৰয়াত ডিম্বেশ্বৰ ৱাৰীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ লগতে ডিফু চিকিৎসা মহাবিদ্যালয়ত অত্যাধুনিক চিকিৎসাৰ আহিলা উপলব্ধ কৰি সকলো ৰোগীকে সু-চিকিৎসা প্ৰদান কৰিবলৈ চিকিৎসা বিভাগৰ ই এমলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:জটিলতাৰ দিশে ৰাজ্যৰ ক'ভিড পৰিস্থিতি

ABOUT THE AUTHOR

...view details