অসম

assam

ETV Bharat / state

ডিফুত গাঁওৰক্ষী বাহিনীৰ ৭২ সংখ্যক অভিৱৰ্তন - গাঁওৰক্ষী বাহিনী

শনিবাৰে ডিফুত অনুষ্ঠিত হ'ল গাঁওৰক্ষী বাহিনীৰ ৭২ সংখ্যক অভিৱৰ্তন । কাৰ্বি আংলং জিলা আৰক্ষীৰ উদ্যোগত আৰু গাঁওৰক্ষী সন্থাৰ সহযোগত অভিৱৰ্তন অনুষ্ঠিত হয় ৷

ডিফুত গাঁওৰক্ষী বাহিনীৰ ৭২ সংখ্যক অভিৱৰ্তন
ডিফুত গাঁওৰক্ষী বাহিনীৰ ৭২ সংখ্যক অভিৱৰ্তন

By

Published : Feb 6, 2021, 10:49 PM IST

ডিফু, ৬ ফেব্ৰুৱাৰী: পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফুত শনিবাৰে গাওঁৰক্ষী বাহিনীৰ ৭২ সংখ্যক অভিৱৰ্তন অনুষ্ঠিত হয় । গাঁওৰক্ষী বাহিনীৰ বোকাজান থানা উপদেষ্টা মণ্ডলীৰ সভাপতি অম্বেশ্বৰ চেতিয়া ফুকনৰ সভাপতিত্বত ডিফুৰ মাটিপুংস্থিত আৰ্ব'ৰেটাম আৰু ক্ৰাফ্ট চেন্টাৰৰ সভা কক্ষত অনুষ্ঠিত হয় এই অভিৱৰ্তন । কাৰ্বি আংলং জিলা আৰক্ষীৰ উদ্যোগত আৰু গাঁওৰক্ষী সন্থাৰ সহযোগত পলমকৈ হ'লেও অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে ।

ডিফুত গাঁওৰক্ষী বাহিনীৰ ৭২ সংখ্যক অভিৱৰ্তন

তেওঁ কয় যে, সামাজিক অপৰাধ প্ৰতিৰোধ কৰাত গাঁওৰক্ষী বাহিনীৰ ভূমিকা প্ৰশংসনীয় । লগতে তেওঁ কয় যে, সামাজিক ব্যাধি, অপৰাধমূলক কাৰ্য, গাঁওখনলৈ অহা নতুন মানুহৰ পৰিচয় জানিবলৈ চেষ্টা কৰাৰ লগতে সমাজৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ ব্যৱস্থা কৰাটোৱেই হৈছে গাঁওৰক্ষী বাহিনীৰ মূল কাম ৷ আনহাতে, বিধানসভা নিৰ্বাচনত জ্যেষ্ঠ ভোটাৰ আৰু দিব্যাংগসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আৰু নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অনুসৰি কাম কৰিবলৈ আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

ডিফুত গাঁওৰক্ষী বাহিনীৰ ৭২ সংখ্যক অভিৱৰ্তন

এই অনুষ্ঠানত চক্ৰ সংগঠক শান্তনু বে'ৰ লগতে হাওৰাঘাট, বোকাজান, ডকমকা আৰু ডিফুৰ উপদেষ্টা, আৰু আন চক্ৰ সংগঠকসকলো উপস্থিত থাকে । শনিবাৰে পুৱাৰ ভাগত গাওঁৰক্ষী সংগঠনৰ পতাকা উত্তোলন কৰাৰ লগতে গাঁওৰক্ষী বাহিনীৰ পিতৃপুৰুষ হৰিনাৰায়ণ বৰুৱাকো স্মৰণ কৰা হয় । জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা আৰু জিলা আৰক্ষী বিষয়া নাহিদ কৰিশ্মাৰ নেতৃত্বত ডিফু গাওঁৰক্ষী বাহিনীয়ে এক সমদলো বাহিৰ কৰে ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ

ABOUT THE AUTHOR

...view details