ডিফু, 10 জুলাই :শনিবাৰে সমগ্ৰ দেশতে বিচাৰধীন হৈ থকা কেতবোৰ গোচৰৰ নিষ্পত্তিৰ বাবে অনলাইন যোগে লোক আদালত অনুষ্ঠিত হয় ৷ ক'ভিড পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় ন্যায় সেৱা প্ৰাধিকৰণৰ অধীনত আয়োজন কৰা হয় এই লোক আদালত ৷ দেশত প্ৰথমবাৰৰ বাবে Google meet ৰ জৰিয়তে অনুষ্ঠিত হয় এই লোক আদালত ৷
অনলাইন লোক আদালতৰ জৰিয়তে ডিফুত 64 টা গোচৰ নিষ্পতি সমগ্ৰ দেশৰ লগতে কাৰ্বি আংলং জিলাৰ ডিফুতো অনুষ্ঠিত হয় অনলাইন লোক আদালত ৷ কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ সেৱা উদ্যোগত আয়োজন কৰা এই অনলাইন লোক আদালতত জিলাখনৰ মুঠ 64 টা বিচাৰধীন গোচৰ নিষ্পত্তি কৰা হয় ৷
অনলাইন লোক আদালতৰ জৰিয়তে ডিফুত 64 টা গোচৰ নিষ্পতি উল্লেখ্য যে, নিষ্পত্তি হোৱা মুঠ গোচৰৰ 51 টা গোচৰ আছিল বেংক আৰু এপিডিচিএলৰ সৈতে সম্পৰ্কিত ৷ ইয়াৰ বিপৰীতে পূৰ্বৰে পৰা মোকৰ্দমা চলি থকা অন্য ১৩ টা গোচৰৰ নিষ্পত্তি কৰা হয় ।
বিগত বৰ্ষত ডিফুৰ ন্যায়িক আদালতত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত কৰা লোক আদালত অপৰাধমূলক, দেৱানী, পথ দুৰ্ঘটনা জনিত গোচৰৰ উপৰিও এপিডিচিএল, BSNL, SBI, অসম গ্ৰামীণ বিকাশ বেঙ্ক আৰু চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ গোচৰসমূহ নিস্পত্তি কৰা হৈছিল ৷ 2020 বৰ্ষত জিলাখনত লোক আদালতৰ জৰিয়তে সৰ্বমুঠ ৩৮ টা গোচৰ নিস্পত্তি কৰা হয় ৷
লগতে পঢ়ক:মৰাণৰ কাৱৈমাৰীত অসমীয়াগিৰি