অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙত আটক কেপিএলটিৰ 5 শীৰ্ষ নেতা - অসম নিউজ

কাৰ্বি আংলং আৰু ডিমা হাচাও আৰক্ষীৰ জালত পৰিছে আলোচনা বিৰোধী উগ্ৰপন্থী সংগঠন কেপিএলটিৰ ৫ দুৰ্ধৰ্ষ কেডাৰ ৷ বিগত 15 দিন ধৰি চলোৱা অভিযানৰ শেষত আৰক্ষীৰ জালত পৰিল সংগঠনটোৰ 5 জনকৈ শীৰ্ষ নেতা ৷ আটকাধীন উগ্ৰপন্থী সদস্য কেইজন ক্ৰমে ৰিতেশ টেৰণ, মুখ্য সেনাধ্যক্ষ মেনচিং টকবী, সচিব মেনচ্ং ক্ৰামছা, বিস্তাৰ হাঞ্চে, হেডচিং ফাংচ', জিতেন ক্ৰ', আৰু হাৰচিং ৰংহি ৷

কাৰ্বি আংলঙত আটক কেপিএলটিৰ ৫ শীৰ্ষ নেতা

By

Published : Jun 10, 2019, 10:54 PM IST

কাৰ্বি আংলং, 10 জুনঃ কাৰ্বি আংলং আৰক্ষীৰ জালত কেপিএলটিৰ ৫ দুৰ্ধৰ্ষ কেডাৰ ৷ লগতে উদ্ধাৰ বৃহৎপৰিমানৰ অস্ত্ৰ-শস্ত্ৰ ৷ গঁড় হত্যাত জড়িত আছিল উগ্ৰপন্থী সদস্য কেইজন ৷ উল্লেখ্য যে,কাৰ্বি আংলং আৰু ডিমা হাচাও আৰক্ষীৰ জালত পৰিছে আলোচনা বিৰোধী উগ্ৰপন্থী সংগঠন কেপিএটি ৫ দুৰ্ধৰ্ষ কেডাৰ ৷ বিগত 15 দিন ধৰি চলোৱা অভিযানৰ শেষত আৰক্ষীৰ জালত পৰিল সংগঠনটোৰ ৫ জনকৈ শীৰ্ষ নেতা ৷ আটকাধীন উগ্ৰপন্থী সদস্য কেইজন ক্ৰমে, ৰিতেশ টেৰণ, মুখ্য সেনাধ্যক্ষ মেনচিং টকবী, সচিব মেনচ্ং ক্ৰামছা, বিস্তাৰ হাঞ্চে, হেডচিং ফাংচ', জিতেন ক্ৰ', আৰু হাৰচিং ৰংহি ৷ ধৃত সদস্য কেইজনৰ পৰা আৰক্ষীয়ে বিভিন্ন ৰেঞ্জৰ মেগজিন সহ চাৰিটা পিষ্টল, বৃহৎ পৰিমাণৰ সজীৱ গুলী, ম'বাইল হেণ্ডছেট সহ বিভিন্ন কোম্পানীৰ ছীম কাৰ্ড, ধনদাবী পত্ৰ, ৰিচিভ বুক, দৰব আদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ কিছুদিন পূৰ্বে বকলিয়াঘাটৰ এক অপহৰণ কাণ্ডৰ পাছতেই সংগঠনটোৰ বিৰুদ্ধে সৰব হৈ পৰিছিল সেনা আৰক্ষী ৷ ফলস্বৰূপে অভিযানকাৰী দলে দুজনকৈ উগ্ৰপন্থী সদস্য কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাৰ লগতে অপহৃতাকো জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

কাৰ্বি আংলঙত আটক কেপিএলটিৰ ৫ শীৰ্ষ নেতা

আনহাতে, সোমবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত চেণ্ট্ৰেল ৰেঞ্জৰ ডিআইজি দিলীপ কুমাৰ দেই সংবাদ মাধ্যমক সম্বোধন কৰি কয়, বিগত কিছুদিন ধৰি আলোচনা বিৰোধী কেপিএলটিৰ একাংশ সদস্যই ক্ৰমে, কাৰ্বি আংলং, ডিমা হাচাও, হোজাই আৰু গোলাঘাট জিলাত ধনদাবী অপহৰণ আৰু ভাবুকিৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ৷ অৱশেষত কাৰ্বি আংলং আৰু ডিমা হাচাও আৰক্ষীয়ে আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত জিলাখনৰ কেইবাগৰাকী আৰক্ষীৰ বিষয়াৰ তৎপৰতাত দুৰ্ধৰ্ষ সদস্য কেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা কাৰ্যত অভিযানকাৰী দলটোক ধন্যবাদ জনায় ৷

তাৰোপৰি ডিআইজি গৰাকীয়ে ধৃত সদস্য কেইজন প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে গঁড় হত্যা কাৰ্যত জড়িত আছিল বুলি জনায় ৷ লগতে উগ্ৰপন্থী সদস্য কেইজনক মূলসূতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায় ৷ মূলসূতিলৈ ঘূৰি আহিলে তেওঁলোকক চৰকাৰৰ স্বাৱলম্বন আচনিৰে স্বনিৰ্ভৰশীল কৰা হ'ব বুলিও মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details