ডিফু, ২৮ জুলাইঃডিফুত কৰ'ণাই গণ সংক্ৰমণৰ ৰূপ লৈছে । ডিফু ৰে'ল ষ্টেচন কলনি এতিয়াা হৈ পৰিছে ক'ভিড হট স্পট । জিলা স্বাস্থ্য বিভাগে জাৰি কৰা তথ্য অনুসৰি ডিফু ৰে'ল ষ্টেচন কলনিত ১৯ গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে । এই তথ্য পোহৰলৈ অহাৰ লগে লগে ঘন জন বসতিপূর্ণ এলেকাটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
আনহাতে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ পৰিমিতা ৰয় আৰু নার্ছ কপালী বড়োৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে। ডিফু সদৰ থানাত নিয়োজিত পঞ্চম আৰক্ষী বেটেলিয়ন আব্দুল মজিদ নামৰ জোৱান জনৰ দেহতো আজি ক'ভিড পজিটিভ ধৰা পৰে। একেদৰে অসম নাগালেণ্ড সীমান্তৰ ৰঙাপাহাৰ বিঅ পিৰ চাৰি গৰাকী জোৱান কৰ'ণাত আক্ৰান্ত হৈছে । তেওঁলাক ক্ৰমে বসন্ত দাউলা গুপু,বিদ্যাছিং তিমুঙ চিত্ত কলিতা আৰু নিশিকান্ত বসুমতাৰী। মানজাৰ শিলনীত অৱস্থিত ২৩ আই আৰ বি এনৰ জোৱান গোবিন্দ বসুমতাৰী,পুলক নাথ আৰু সুপেন্দ্র বাজবংশী ও কৰ'ণাত আক্ৰান্ত হৈছে। ইপিনে,ডিফুৰ ধৰমনলাত দুগৰাকী লাকৰ দেহতো কৰ'ণা পজিটিভ বুলি ধৰা পৰিছে।