অসম

assam

ETV Bharat / state

ডিফুত বিভিন্ন দলৰ ২৭ কর্মীৰ বিজেপিত যােগদান - বিজেপিত যােগদান

কংগ্রেছ, এ পিএইচ এল চি, এইচ এছ ডি চি দল ত্যাগ কৰি বহু নেতা-কর্মীয়ে বিজেপিত যােগদান ৷ দেশৰ ৰাজনৈতিক , অথনৈতিক, সামাজিক বিকাশৰ বাবে বিজেপি দলত যোগদান কৰা বুলি মন্তব্য প্ৰকাশ বিজপি দলত যোগদান কৰা আন আন দলৰ সদস্য সকলৰ ৷

27 others party member joining  bjp at diphu
ডিফুত বিভিন্ন দলৰ ২৭ কর্মীৰ বিজেপিত যােগদান

By

Published : Sep 3, 2020, 6:59 PM IST

ডিফু,৩ ছেপ্টেম্বৰঃ ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন ক্রমাৎ চমু চাপি আহিবলৈ লােৱাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে সাংগঠনিক তৎপৰতা আৰম্ভ কৰাৰ সময়তে বৃহস্পতিবাৰে কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত বিভিন্ন বাজনৈতিক দল ত্যাগ কৰি মুঠ 27 গৰাকী নেতা-কর্মীয়ে আনুষ্ঠানিকভাবে বিজেপিত যােগদান কৰে।

ডিফুত বিভিন্ন দলৰ ২৭ কর্মীৰ বিজেপিত যােগদান

ডিফুস্থিত জিলা বিজেপিৰ কার্যালয়ত অনুষ্ঠিত হােৱা একবিশেষ যােগদান সভাত কংগ্রেছ, এ পিএইচ এল চি, এইচ এছ ডি চি দল ত্যাগ কৰি বহু নেতা-কর্মীয়ে বিজেপিত যােগদান কৰে । বৃহস্পতিবাৰে যােগদান কৰাসকলৰ ভিতৰত এ পি এইচ এল চি দলৰ বিত্ত সম্পাদক, এইচ এছ ডি চি দলৰ কেন্দ্রীয় সমিতিৰ সদস্যকে ধৰি কেইবাগৰাকী নেতাই নিজ দল ত্যাগ কৰি সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক দিশত বিকাশ আৰু উন্নয়নৰ বাবে বিজেপিত যােগদান কৰা বুলি মন্তব্য প্রকাশ কৰে ।

ডিফুত বিভিন্ন দলৰ ২৭ কর্মীৰ বিজেপিত যােগদান

সাংসদ হৰেণছিং বে' সভাখনত উপস্থিত থাকি দলত নতুনকৈ যােগদান কৰা সদস্যসকলক আদৰণি জনায়। ইয়াৰ উপৰি সভাত কার্বি আংলং জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণৰ লগতে কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কেইবাগৰাকী কার্যবাহী সদস্য, পৰিষদীয় সদস্য উপস্থিত থাকে ।

ডিফুত বিভিন্ন দলৰ ২৭ কর্মীৰ বিজেপিত যােগদান
লগতে পঢ়কঃযোৰহাটত মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে সজাগতা সভা

ABOUT THE AUTHOR

...view details