ডিফু, ২৯ মাৰ্চ: বিগত দিনকেইটাত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পশ্চিম প্ৰান্তত জনসাধাৰণৰ নিৰাপত্তাৰ বাবে নিয়োজিত ২০ বিএন চিআৰপিএফে সাধাৰণ জনতাৰ সৈতে সৌহাদ্যমূলক আৰু বন্ধুত্ব সুলভ মনোভাৱ প্ৰদৰ্শনৰ বাবে বিভিন্ন স্থানত চিভিক একচন কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে (Civic action program at Khotkhoti) ৷ ইয়াৰে অংশস্বৰূপে বুধবাৰে বিয়লি ভাগত কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ সমীপৰ বংৰুং গাঁৱত ২০০০ লিটাৰ ক্ষমতা সম্পন্ন এটা পানীৰ টেংকীসহ বিশুদ্ধ খোৱা পানীৰ বাবে ব'ৰ ওৱেল, কালভাৰ্টৰ লগতে খটখটী চিআৰপিএফ কেম্পৰ ৩ নং গেটৰ সন্মুখত এটা বাছৰ জিৰণি চ'ৰা ৰাইজৰ বাবে মুকলি কৰা হয় (20 BN CRPF donated Bore well)৷
এই ব'ৰ ওৱেলৰ উদ্ধোধন কৰে ইউনাইটেড ইন্টাৰনেশ্যনেল বংৰুং মিছনৰ সভাপতি খ্ৰীষ্টোফাৰ প্ৰিঞ্চ ফাৰ্ণাণ্ডেজে ৷ খটখটী চিআৰপিএফৰ ৩ নং গেটৰ ওচৰত মেৰামতি কৰা বাছৰ জিৰণি চ'ৰা উদ্ধোধন কৰে খটখটীৰ জি চি চিআৰপিএফৰ কামাণ্ডেণ্ট গোপাল যাদৱে (Civic action program CRPF) ৷
আনহাতে অতিকৈ ভিতৰুৱা বংৰুং গাঁৱৰ ৰাইজৰ সুবিধাৰ বাবে কালভাৰ্ট সদৃশ আৰচিচি দলঙৰ উদ্ধোধন কৰে ইউনাইটেড ইনটাৰনেছনেল মিচন অফ বংৰুঙৰ সভাপতি খ্ৰীষ্টোফাৰ প্ৰিঞ্চ ফাৰ্ণাণ্ডেজে ৷ এই উপলক্ষে আয়োজন কৰা তিনিটা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে 20 বিএন চিআৰপিএফৰ কামাণ্ডেণ্ট স্বৰ্ণ সিং৷ আনহাতে উদ্ধোধন অনুষ্ঠান উপলক্ষে আয়োজন কৰা তিনিখন সভাত সভাপতিত্ব কৰে 20 বিএন চিআৰপিএফৰ দ্বিতীয় কামাণ্ডেণ্ট তিলক ৰাজে ৷