অসম

assam

ETV Bharat / state

গুৱাহাটীৰ চিকিৎসালয়ত বাইহাটাৰ যুৱকৰ মৃত্যুঃ ভুল চিকিৎসাৰ অভিযোগ - etv bharat assam

চিকিৎসালয়খনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে স্থানীয় ৰাইজে অনুৰোধ জনাইছে স্বাস্থ্যমন্ত্ৰীক ৷ আনহাতে, কাম কৰি থকা অৱস্থাত কোনো ধৰণৰ চেফ্টি গাৰ্ড ব্যৱহাৰ নকৰাৰো অভিযোগ আনে ঠিকাদাৰৰ বিৰুদ্ধে ।

ভুল চিকিৎসাৰ বাবে বাইহাটাত মৃত্যু যুৱকৰ

By

Published : Jun 6, 2019, 2:13 PM IST

কামৰূপ, 6 জুন: বাইহাটাত ভুল চিকিৎসাৰ বাবে মৃত্যু এজন যুৱকৰ ৷ বুধবাৰে মঠগৰিয়াস্থিত গেট হাস্পতালত মৃত্যু হয় যুৱকজনৰ ৷ উল্লেখ্য যে বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত উৎপল কাকতি নামৰ যুৱকজন গুৱাহাটীত কেবলত কাম কৰি থকা অৱস্থাত প্ৰায় দহ ফুট ওখ খুঁটাৰ পৰা বাগৰি পৰে যুৱকজন ৷ যাৰ ফলত মূৰত আঘাত পায় যুৱকজনে ৷ আঘাতপ্ৰাপ্ত যুৱকজনক ততাতৈয়াকৈ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৷ কিন্তু জিএমচিএইচতো স্বাস্থ্যৰ উন্নতি নোহোৱাত যুৱকজনক ভৰ্তি কৰোৱা হয় মঠগৰিয়াস্থিত গেট হাস্পতাললৈ ৷ আৰু তাতেই চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজ তথা পৰিয়ালে ৷

ভুল চিকিৎসাৰ বাবে বাইহাটাত মৃত্যু যুৱকৰ

যাৰ বাবে চিকিৎসালয়খনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে স্থানীয় ৰাইজে অনুৰোধ জনাইছে স্বাস্থ্যমন্ত্ৰীক ৷ আনহাতে, কাম কৰি থকা অৱস্থাত কোনো ধৰণৰ চেফ্টি গাৰ্ড ব্যৱহাৰ নকৰাৰো অভিযোগ আনে ঠিকাদাৰৰ বিৰুদ্ধে । সেয়ে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দিয়া উৎপলৰ মৃত্যুৰ ক্ষতিপুৰণ হিচাপে ৫ লাখ টকা ঠিকাদাৰৰ পৰা দাবী কৰিছে অঞ্চলবাসীয়ে ।

ABOUT THE AUTHOR

...view details