কামৰূপ/আজাৰা, 12 ফেব্ৰুৱাৰী : অসমীয়া যুৱতীক বহিঃৰাজ্যত বিক্ৰীৰ চেষ্টা কৰি ৰাইজৰ ৰোষত পৰিল এহাল দম্পত্তি ৷ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত শিকাৰ হাতীগাঁৱত সংঘটিত হৈছে এনে এক ঘটনা ৷ পলাশবাৰী হালিগাঁও নিবাসী মকিব আলি আৰু ছয়গাঁৱৰ সনা ৰাভাই দম্পত্তি হিচাপে শিকাৰ হাতীগাঁৱত ভাড়াতীয়া হিচাপে বসবাস কৰি আহিছিল ৷
ঘটনাৰ বিৱৰণী অনুসৰি,তিনিদিন পূৰ্বে উক্ত গাঁৱৰ এগৰাকী যুৱতীক প্ৰলোভিত কৰি গোপনে মহানগৰীৰ বৰ্ষাপাৰাৰ এটা পৰিয়ালৰ ঘৰত লুকুৱাই ৰাখিছিল ৷ পাচত যুৱতীগৰাকীক ৰাজস্থানৰ এজন লোকৰ সৈতে ধনৰ বিনিময়ত গটাই দিয়াৰ কথা আলোচনা কৰোতে যুৱতীগৰাকীয়ে সম্ভেদ লাভ কৰে ৷ অৱশেষত অতি গোপনে পৰিয়ালৰ লগত ফোনেৰে যোগাযোগ কৰি কোনোমতে যুৱতীগৰাকীয়ে পলাই আহিবলৈ সক্ষম হয় ৷