অসম

assam

By

Published : Jul 11, 2020, 8:07 PM IST

ETV Bharat / state

মহাবাহু ব্ৰহ্মপুত্ৰৰে বানত উটি আহিল বনৰীয়া হাতী

কৰ'ণাৰ আতংকৰ সমান্তৰালভাৱে ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ । একে লেঠাৰিয়ে হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত অধিক ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি । পানীৰ মাজত আবদ্ধ বন্য জীৱ জন্তু সমূহে ওখ স্থানৰ সন্ধানত দিক বিদিক হেৰুৱাই গতি কৰিছে যি কোনো স্থানলৈ । ইয়াৰ মাজতে এইবাৰ ব্ৰহ্মপুত্ৰৰ বুকুয়েদি উটি আহিল এটা প্ৰকাণ্ড বনৰীয়া হাতী ।

wild elephant rescue at palashbari
মহাবাহু ব্ৰহ্মপুত্ৰৰে বানত উটি আহিল বনৰীয়া হাতী

আজাৰা,১১ জুলাই:কৰ'ণাৰ আতংকৰ সমান্তৰালভাৱে ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ । একে লেঠাৰিয়ে হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত অধিক ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি । বানৰ এই তাণ্ডৱত ইতিমধ্যে মৃত্যু ঘটিছে বহু লোকৰ লগতে বন্য জীৱ জন্তু । পানীৰ মাজত আবদ্ধ বন্য জীৱ জন্তু সমূহে ওখ স্থানৰ সন্ধানত দিক বিদিক হেৰুৱাই গতি কৰিছে যি কোনো স্থানলৈ । ইয়াৰ মাজতে এইবাৰ ব্ৰহ্মপুত্ৰৰ বুকুয়েদি উটি আহিল এটা প্ৰকাণ্ড বনৰীয়া হাতী । ইয়াকে লৈ শনিবাৰে পুৱাৰ ভাগতে ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা পলাশবাৰী দখলা ক'লনীৰ নদীৰ পাৰত সমবেত হ'ল অসংখ্য লোক। মহাবাহু ব্ৰহ্মপুত্ৰৰ ভৰপানীত উটি আহিছে এই বনৰীয়া হাতীটো ।

মহাবাহু ব্ৰহ্মপুত্ৰৰে বানত উটি আহিল বনৰীয়া হাতী

স্থানীয় লোকে ধাৰণা কৰামতে কাজিৰঙাৰ পৰা পানীৰ প্ৰবল সোঁতত উটি আহি দখলা ক'লনীত নদীৰ পাৰত লাগি ধৰাৰ পিছত হাতীটোৱে পাৰলৈ উঠি আহে । ইয়াকে লৈ নদী পৰীয়া লোকসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। অৱশ্যে সোঁতত উটি অহাৰ ফলত ভাগৰুৱা হৈ পৰা বনৰীয়া হাতীটোক স্থানীয় একাংশ হৃদয়ৱান লোকে যোগান ধৰিলে খাদ্যবস্তু ।

মহাবাহু ব্ৰহ্মপুত্ৰৰে বানত উটি আহিল বনৰীয়া হাতী

সেই স্থানত আৰক্ষী আৰু বনবিভাগৰ লোক উপস্থিত হয় যদিও বাতৰি যুগুতোৱাৰ সময়লৈকে হাতীটোক সুৰক্ষিত স্থানলৈ স্থানান্তৰীত কৰিবৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল । ইফালে যিকোনো মুহুৰ্তত অঞ্চলবাসীয়ে বনৰীয়া হাতীটোৰ আক্ৰমণৰ সন্দেহ কৰি আৰক্ষী আৰু বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনালে আহ্বান ।

লগতে চাওকঃ কাৰাৰুদ্ধ কৃষক নেতাৰ উন্নত চিকিৎসা আৰু মুক্তিৰ দাবীত শিৱসাগৰত পথ অৱৰোধ

ABOUT THE AUTHOR

...view details