ৰঙিয়া, 10 আগষ্ট : 16 আগষ্টৰ পৰা বন্ধ হৈ পৰিব ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ (PHED)ৰ অধীনৰ পানী যোগান (Water Supply) ৷ চাকৰি নিয়মীয়াকৰণ আৰু দৰমহাৰ দাবীৰে উক্ত দিনাৰ পৰা অসমৰ 8,904 গৰাকী কৰ্মচাৰীয়ে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিব বুলি জানিব পৰা গৈছে । প্ৰায় এটা দশকতকৈও অধিক সময় পাম্প অ’পাৰেট (Pump Operator)ৰ হিচাপে বিনা বেতনে কাম কৰি অহা কৰ্মচাৰীসকলে অনাগত দিনত অনুষ্ঠিত হ’বলগীয়া আন্দোলনৰ বাবে জগৰীয়া কৰিছে চৰকাৰক । এইসকল কৰ্মচাৰীৰ সৰহসংখ্যকে এটা নিয়মীয়া চাকৰিৰ আশাত নিজৰ ম্যাদী মাটি পানী যোগান আঁচনি নিৰ্মাণ কৰাৰ বাবে চৰকাৰক দান কৰিছিল ।
লগতে পঢ়ক :বিলাসীপাৰাত PMAY গৃহ নিৰ্মাণত লুণ্ঠনৰাজৰ অভিযোগ
কিন্তু বহুবছৰ ধৰি চাকৰিৰ নিয়মীয়াকৰণ নহ’ল কৰ্মচাৰীসকলৰ । ইয়াৰ উপৰিও এইসকল কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি লাভ কৰা নাই বেতন । 2013-2014 বৰ্ষত কিছুসংখ্যক আঁচনিত কমিটি গঠন কৰি ছমাহৰ বাবে 5 হাজাৰকৈ টকা দিয়া হৈছিল যদিও ছমাহৰ পাচত সেইখিনি মাননীও বন্ধ কৰি দিয়া বুলি কৰ্মচাৰীসকলে জানিবলৈ দিয়ে ।