অসম

assam

ETV Bharat / state

ৰঙিয়াত সেনাবাহিনীৰ স্বৰ্ণিম বিজয় অগ্নিশিখাক উষ্ম আদৰণি - সেনাবাহিনীৰ স্বৰ্ণিম বিজয় অগ্নিশিখা

ৰঙিয়াত সেনাবাহিনীৰ স্বৰ্ণিম বিজয় অগ্নিশিখাক উষ্ম আদৰণি। 1971 চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰা 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই স্বৰ্ণিম বিজয় অগ্নিশিখা যাত্ৰা উলিওৱা হৈছে।

warm-welcome-to-armys-golden-victory-flames-in-rangia
ৰঙিয়াত সেনাবাহিনীৰ স্বৰ্ণিম বিজয় অগ্নিশিখাক উষ্ম আদৰণি

By

Published : Sep 4, 2021, 6:26 PM IST

ৰঙিয়া, 4 ছেপ্টেম্বৰ : ৰঙিয়াত সেনাবাহিনীৰ স্বৰ্ণিম বিজয় অগ্নিশিখাক উষ্ম আদৰণি । 1971 চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰা 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই স্বৰ্ণিম বিজয় অগ্নিশিখা যাত্ৰা উলিওৱা হৈছে । বিগত বছৰৰ 16 ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা এই স্বৰ্ণিম বিজয় অগ্নিশিখাৰ যাত্ৰাৰ শুভাৰম্ভণি কৰিছিল ৷

ৰঙিয়াত সেনাবাহিনীৰ স্বৰ্ণিম বিজয় অগ্নিশিখাক উষ্ম আদৰণি

পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত জয়লাভ কৰাৰ সোনালী জয়ন্তী বৰ্ষ হিচাপে সমগ্ৰ দেশতে এই অগ্নিশিখা কঢ়িয়াই নিয়া হ'ব । শনিবাৰে সেনাবাহিনীৰ এটা দলে এই অগ্নিশিখা কঢ়িয়াই অনাৰ সময়ত শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে ৰঙিয়াৰ তুলসীবাৰীত 'ভাৰত মাতা কি জয়' ধ্বনিৰে ৰাজপথ মুখৰিত কৰি তোলে। সেনাবাহিনীৰ লোকসকলে উক্ত স্থানত ক্ষন্তেক সময় ৰৈ ছাত্ৰ-ছাত্ৰীসকলৰ হাতে হাতে জাতীয় পতাকা প্ৰদান কৰে ৷

ৰঙিয়াত সেনাবাহিনীৰ স্বৰ্ণিম বিজয় অগ্নিশিখাক উষ্ম আদৰণি

ইয়াৰ পিছত স্বৰ্ণিম বিজয় অগ্নিশিখা লৈ এই দলটো বাংলাদেশলৈ ৰাওনা হ’ব । উল্লেখযোগ্য যে 1971 চনৰ 16 ডিচেম্বৰত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যুদ্ধত জয়লাভ কৰিছিল। সেই বছৰতে পাকিস্তান বিভাজিত হৈ বাংলাদেশৰ জন্ম হৈছিল ৷ উক্ত যুদ্ধত 13,000 পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল । যুদ্ধত শ্বহীদ হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিজয় উৎসৱৰ অংশ হিচাপে এই স্বৰ্ণিম বিজয় অগ্নি শিখাক সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱা হৈছে ৷

লগতে পঢ়ক:লক্ষ্য ভৱানীপুৰ : বিজেপিৰ উপ নিৰ্বাচন সমিতি গঠন

ABOUT THE AUTHOR

...view details