বাক্সা,21 নৱেম্বৰঃ বিটিচি নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে বিটিআৰত আৰু অধিক তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ ইয়াৰ মাজতে শনিবাৰে বাক্সাৰ খন্দিৰত ভোটাৰ্চ পাৰ্টী ইন্টাৰনেশ্যনেলে অনুষ্ঠিত কৰে এক নিৰ্বাচনী প্ৰচাৰ সভা ৷ এই সভাত দলটোৰ মিডিয়া সচিব পবিত্ৰ বড়োৱে হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰী সন্দৰ্ভত মন্তব্য কৰি কয়, বিটিচিৰ দুৰ্নীতিত হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ সমান ভাগ আছে ৷ বিজেপিয়ে বিপিএফক দোষাৰোপ কৰা মানে বিজেপি নিজে দোষী । ৰাজ্য চৰকাৰে সহায় কৰা বাবে বিপিএফে দুৰ্নীতি কৰিছে । চৰকাৰ ঠিকে থাকিলে বিপিএফে কেতিয়াও দুৰ্নীতি কৰিব নোৱাৰিলে হেতেন ৷
বিটিচিৰ দুৰ্নীতিত হিমন্ত বিশ্ব শৰ্মা-হাগ্ৰামা মহিলাৰীৰ সমান ভাগ আছে : পবিত্ৰ বড়ো - Voters party international election meeting
শনিবাৰে বাক্সাৰ খন্দিৰত ভোটাৰ্চ পাৰ্টী ইন্টাৰনেশ্যনেলে অনুষ্ঠিত কৰে এক নিৰ্বাচনী প্ৰচাৰ সভা ৷ এই সভাতেই হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰী সন্দৰ্ভত কেইবাটাও মন্তব্য কৰে দলটোৰ মিডিয়া সচিব পবিত্ৰ বড়োৱে ৷
আগন্তুক নিৰ্বাচনত কোকৰাঝাৰ পৰিষদীয় সমষ্টিত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলে 23 খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ ইয়াৰে 20খন আসনেই তেওঁলোকে লাভ কৰিব বুলি জনায় দলটোৰ মিডিয়া সচিব গৰাকীয়ে ৷ শনিবাৰৰ এই সভাত উপস্থিত থাকে আৰ্থিক আজাদী পৰিসংখ্যাৰ সভাপতি তৰণী বসুমতাৰী, ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ যুৱ নেতা মাচুম খান, ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ ৰাজ্যিক সমিতিৰ সদস্য পূৰ্ণিমা ডেকা, ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী দীপালী শৰণীয়া বড়ো ৷
লগতে পঢ়ক-দহ বছৰে কৰ্মচাৰী উপস্থিত নোহোৱা বনবিভাগৰ এটা কাৰ্যালয়