অসম

assam

ETV Bharat / state

দক্ষিণ কামৰূপত ভক্তৰ লানি নিছিগা সোঁত - MIRZA

মিৰ্জাৰ ভোলাগাওঁ পাটগাওঁ বৰমোকাম দৰগাহ শ্বৰীফত উৰুচ উদযাপন

URUSH

By

Published : Feb 23, 2019, 11:26 PM IST

মিৰ্জা, 23 ফেব্ৰ্ুৱাৰীঃলোকাৰণ্য হৈ পৰিছে দক্ষিণ কামৰূপৰ মিৰ্জাৰ ভোলাগাওঁ পাটগাওঁ বৰমোকাম দৰগাহ শ্বৰীফ । উৰুচ উপলক্ষে শংকৰ আজানৰ মিলন ভূমিত পৰিণত হৈ পৰেদৰগাহটো । হিন্দু-মুছলমান উভয় ধৰ্মৰ লোকে আহি প্ৰাৰ্থনা কৰিছে এই পূণ্যস্থানত । দুদিনীয়াকৈ অনুষ্ঠিতহোৱা উৰুচ মেলাত লানি নিছিগা মানুহৰ সোঁত বৈছে ।

URUSH

শান্তি-সম্প্ৰীতি আৰু সমন্বয়ৰ বাণীৰে অনুষ্ঠিত হোৱা উৰুচ মেলা ভাতৃত্ববোধৰ সঁচাকৈয়ে এক সুন্দৰ নিদৰ্শন ।সাধুপুৰুষ চাহচুফী আব্দুল গফুৰ শ্বাহৰ সমাধিক্ষেত্ৰ ঐতিহাসিকপীঠস্থানখনত আয়োজন কৰা বাৰ্ষিক জিয়াৰতৰ অন্তিমতো দিনত কোৰান পাঠ, ধৰ্মীয় বক্তৃতা তথা সমূহীয়া দোৱাৰো আয়োজন কৰা হয়। সমূহীয়া দোৱাত অংশ লোৱাৰ বাবে সহস্ৰাধিক লোকৰ সমাগম ঘটে।

উল্লেখ্য যে চুফী সাধক গৰাকীৰ সমাধিক্ষেত্ৰখনত এজোপা কেইবাশবছৰীয়া গুলঞ্চ ফুলে ছাঁ দি অহা কাৰ্যই ভক্তপ্ৰাণৰাইজক কৌতুহল জগাই আহিছে । আনকি পৱিত্ৰ ক্ষেত্ৰখনত থকা কুঁৱাটোৰ পানী সেৱন কৰিলে ৰোগ ব্যাধি দূৰ হয় বুলি এক বিশ্বাসো আছে ভক্ত সকলৰ মাজত ।

ABOUT THE AUTHOR

...view details