গুৱাহাটী , ১৬ মাৰ্চ : পূৰ্বৰ অসম আন্দোলনৰ শ্লোগান " বিদেশীক খেদ "ৰ পৰিবৰ্তে এইবাৰ নিৰ্বাচনৰ শ্লোগান ‘‘খেদ ঐ খেদ , বদনক খেদ হ'ব লাগে ’’। অৱশ্যে এই কথা আমাৰ নহয় , কামৰূপৰ বাইহাটা চাৰিআলিত নিৰ্বাচনী প্ৰচাৰৰ সময়ত এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ।
এইবাৰ নিৰ্বাচনৰ শ্লোগান ‘‘খেদ ঐ খেদ , বদনক খেদ’’
আগন্তুক লোক সভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই
উপমন্যু হাজৰিকা
খিলঞ্জীয়াৰ বিৰুদ্ধে থকা সকলক বদন আখ্যা দিয়ে প্ৰবজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই । ইয়াৰোপৰি লাজ , মহানিলাজৰ পিচতহে অগপ আহে বুলিও উল্লেখ কৰে অধিবক্তাজনে । উল্লেখ্য যে, অধিবক্তা উপমন্যু হাজৰিকাই আগন্তুক লোক সভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি উল্লেখ কৰে ৷