অসম

assam

ETV Bharat / state

আলফা (স্বাধীন)ৰ সক্ৰিয় সদস্য দৃষ্টি ৰাজখোৱা সমন্বিতে চাৰিজন সদস্যৰ আত্মসমৰ্পণ - বৃহস্পতিবাৰে ৰেড হৰ্ণ সেনা

বৃহস্পতিবাৰে ৰেড হৰ্ণ সেনা বাহিনীৰ ৰঙিয়া ডিভিজনত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সহ সংবাদ মাধ্যমৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আত্ম সমৰ্পণ কৰে। আত্মসমৰ্পনকাৰী আলফা কেইজন হৈছে, আলফা স্বাধীনৰ ভাৰপ্ৰাপ্ত উপ সেনা প্ৰধান দৃষ্টি ৰাজখোৱা ওৰফে বুঢ়া দাদা (৫০), লখিমপুৰৰ ইয়াছিন আলী অসম (২৫), কৃষ্ণাইৰ ৰূপজ্যোতি ৰাভা ওৰফে লম্বু (২৫), গোৱালপাৰাৰ বাবুল ৰাভা (২২) আৰু মৰাণৰ ৰাহুল হাজৰিকা ওৰফে লাডেন (২৭) ।

ulfa-i-deputy-commander-in-chief-drishti-rajkhowa-surrendered
আলফা (স্বাধীন)ৰ সক্ৰিয় সদস্য দৃষ্টি ৰাজখোৱা সমন্বিতে চাৰিজন সদস্যৰ আত্মসমৰ্পণ

By

Published : Nov 12, 2020, 6:47 PM IST

ৰঙিয়া,12 নৱেম্বৰঃ ৰঙিয়াত দৃষ্টি ৰাজখোৱাসহ চাৰি আলফা কেডাৰৰ আনুষ্ঠানিকভাৱে আত্মসমৰ্পন। এদিন পূৰ্বে মেঘালয়ৰ দক্ষিণ গাৰো হিলছৰ দিলছেংৰে গাঁৱত মেঘালয় আৰক্ষীৰ হাতত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পন কৰিছিল আলফা স্বাধীনৰ ভাৰপ্ৰাপ্ত উপ-সেনা প্ৰধান দৃষ্টি ৰাজখোৱাসহ চাৰি আলফা কেডাৰে ।

আলফা (স্বাধীন)ৰ সক্ৰিয় সদস্য দৃষ্টি ৰাজখোৱা সমন্বিতে চাৰিজন সদস্যৰ আত্মসমৰ্পণ

বৃহস্পতিবাৰে অসম আৰক্ষীৰ এটা দলে দৃষ্টি ৰাজখোৱাসহ চাৰি আলফা কেডাৰক অসমলৈ অনাৰ পাছত সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ ৰঙিয়াস্থিত চাউনিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সহ সংবাদ মাধ্যমৰ উপস্থিতিত আটাইকেইগৰাকী কেডাৰে আনুষ্ঠানিকভাৱে আত্ম সমৰ্পণ কৰে । আত্মসমৰ্পনকাৰী আলফা কেইজন হৈছে আলফা স্বাধীনৰ ভাৰপ্ৰাপ্ত উপ সেনা প্ৰধান দৃষ্টি ৰাজখোৱা ওৰফে বুঢ়া দাদা (৫০), লখিমপুৰৰ ইয়াছিন আলী অসম(২৫), কৃষ্ণাইৰ ৰূপজ্যোতি ৰাভা ওৰফে লম্বু (২৫), গোৱালপাৰাৰ বাবুল ৰাভা(২২) আৰু মৰাণৰ ৰাহুল হাজৰিকা ওৰফে লাডেন (২৭) ।

আলফা (স্বাধীন)ৰ সক্ৰিয় সদস্য দৃষ্টি ৰাজখোৱা সমন্বিতে চাৰিজন সদস্যৰ আত্মসমৰ্পণ

আত্ম সমৰ্পনকাৰী আলফা কেডাৰ কেইজনে সেনা বাহিনীৰ হাতত এটা একে ৮১, দুটা পিষ্টল, ৮৯ টা গুলি, চাৰিটা মোবাইল ফোনকে ধৰি বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সেনাৰ হাতত অৰ্পণ কৰে । উল্লেখযোগ্য যে, আত্মসমৰ্পনকাৰী আলফা কেডাৰ কেইজন বিষ্ফোৰন, হত্যা, ধনদাবী, অপহৰণকে ধৰি বহুকেইটা সন্ত্ৰাসজনিত ঘটনাত অভিযুক্ত।

লগতে পঢ়কঃ সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিলে আলফা (স্বা) উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখােৱাই

ABOUT THE AUTHOR

...view details