বকো,8 ফেব্ৰুৱাৰীঃ বকোৰ অন্তৰ্গত হাহিমৰ শালপাৰাত শুকুৰবাৰে নিশা ভাৰতীয় সেনাৰ অভিযানত গ্ৰেপ্তাৰ দুজন যুৱক ৷ যুৱক দুজন গাৰো উগ্ৰপন্থী চিলচেং চাংমা আৰু ৰাকটিন মাৰাক বুলি চিনাক্ত কৰিছে সেনাই ৷ ধৃত যুৱকদ্বয়ৰ পৰা সেনাই উদ্ধাৰ কৰে দুটাকৈ পিষ্টল । যুৱক দুজনক গাৰো উগ্ৰপন্থী সংগঠন ইউ এ এল এফৰ সদস্য বুলি সন্দেহ প্ৰকাশ কৰিছে সেনাই । কিন্তু ধৃত যুৱক দুজনে কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত নহয় বুলি প্ৰকাশ কৰিছে ।
বকোত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ দুই যুৱক - গাৰো উগ্ৰপন্থী সংগঠন ইউ এ এল এফ
বকোৰ অন্তৰ্গত হাহিমৰ শালপাৰাত শুকুৰবাৰৰ নিশা ভাৰতীয় সেনাৰ অভিযানত গ্ৰেপ্তাৰ দুজন যুৱক ৷ যুৱক দুজন গাৰো উগ্ৰপন্থী চিলচেং চাংমা আৰু ৰাকটিন মাৰাক বুলি চিনাক্ত কৰিছে সেনাই ৷
মাৰণাস্ত্ৰ উদ্ধাৰ