অসম

assam

ETV Bharat / state

মায়ঙত দুই জেষ্ঠ ভাতৃয়ে ঘৰৰ পৰা বাহিৰ কৰি দিলে বৃদ্ধ ভাতৃক - Two elder brother kicked out old younger brother from house

মৰিগাঁও জিলাৰ মায়াঙত সংঘটিত হৈছে শিক্ষিত সমাজক লজ্জানত কৰা এক ঘটনা ৷ নিজৰে দুই জ্যেষ্ঠ ভাতৃয়ে ঘৰৰ পৰা বাহিৰ কৰি দিলে বৃদ্ধ কণিষ্ঠ ভাতৃক ৷ অৱশেষত বৃদ্ধাশ্ৰম শেষ ঠিকনা হৈছে অসহায় বৃদ্ধ গৰাকীৰ ৷

two-elder-brother-kicked-out-old-younger-brother-from-house-at-morigaon
মায়ঙত দুই জেষ্ঠ ভাতৃয়ে ঘৰৰ পৰা বাহিৰ কৰি দিলে বৃদ্ধ ভাতৃক

By

Published : Aug 20, 2021, 5:48 PM IST

ৰঙিয়া, 20 আগষ্ট: মৰিগাঁওৰ মায়াঙৰ দুই জ্যেষ্ঠ ভাতৃয়ে ঘৰৰ পৰা বাহিৰ কৰি দিলে বৃদ্ধ ভাতৃক ৷ একমাত্ৰ সম্পত্তিৰ লোভত বৃদ্ধ ভায়েকক এলাগী কৰি দুই জ্যেষ্ঠ ভাতৃয়ে নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ ৷ অভিযোগ মতে, দুই জ্যেষ্ঠ ভাতৃ নগেন ডেকা আৰু পৰেশ ডেকাই প্ৰতিদিনে টকা বিচাৰি বৃদ্ধ ভাতৃ দেৱেন ডেকাক মানসিক অত্যাচাৰ কৰাই নহয় শাৰীৰিক ভাৱেও অপদস্থ কৰি আহিছিল ৷ এই ক্ষেত্ৰত জ্যেষ্ঠ দুই ভাতৃক উচতনি যোগাই আহিছে তেঁওলোকৰ পৰিয়ালে ৷

ইমানতে ক্ষান্ত নাথাকি কিছুদিন পূৰ্বে কণিষ্ঠ ভাতৃক নিজৰে দুই জ্যেষ্ঠ ভাতৃয়ে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে ৷ এই নিষ্ঠুৰ বাস্তৱক সহ্য কৰি এতিয়া কোনোমতে দিন অতিবাহিত কৰিছে 70 উৰ্দ্ধৰ অসহায় বৃদ্ধ গৰাকীয়ে । প্ৰাপ্ত খবৰ মতে, উপায় বিহীন হৈ দেৱেন ডেকাই ৰাইজৰ সহায় বিচাৰিছিল যদিও কিন্তু কোনেও তেঁওক সহায় নকৰিলে ৷ পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষীৰ কাষ চপাত আৰক্ষীয়েও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে বৃদ্ধা গৰাকীয়ে ৷

মায়ঙত দুই জেষ্ঠ ভাতৃয়ে ঘৰৰ পৰা বাহিৰ কৰি দিলে বৃদ্ধ ভাতৃক

অৱশেষত বৃদ্ধা আশ্ৰম বিচাৰি ওলাই আহিল দেৱেন ডেকা । কেতিয়াবা যদি আশ্ৰয় লৈছে গছৰ তলত, কেতিয়াবা আকৌ আশ্ৰয় লৈছে দোকানৰ বাৰাণ্ডাত ৷

ইফালে বৃদ্ধা আশ্ৰম বিচাৰি আহি থকা মুহূৰ্তত নিজৰ কাপোৰ, লাগতিয়াল বয়-বস্তুৰ বেগটো বাছত হেৰুওৱা বুলি জনাইছে বৃদ্ধ গৰাকীয়ে । অৱশেষত শুকুৰবাৰে পুৱা ৰঙিয়াৰ শৌলমাৰীৰ কেইজনমান যুৱকে নলবাৰীৰ বৃদ্ধা আশ্ৰমলৈ লৈ যায় বৃদ্ধ গৰাকীক ৷

লগতে পঢ়কঃবঙালী ভাষা নোকোৱাৰ বাবে চাকৰিৰ পৰা বহিষ্কাৰৰ ভাবুকি দুই অসমীয়া যুৱতীক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details