ৰঙিয়া, 23 জানুৱাৰী : ৰঙিয়া ৰে'ল জংচনৰ সমীপত শুকুৰবাৰে নিশা সংঘটিত হয় এক অঘটন ৷ নামনিমুৱা ৰে'লৰ খুন্দাত মৃত্যুক সাৱটি ল'ব লগা হয় ৰাজস্থানৰ ৰাম নিবাস জাঠ নামৰ এজন যুৱকে ৷ জানিব পৰা মতে, ৰঙিয়াস্থিত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত ৰাম নিবাসে দোকান বন্ধ কৰি ঘৰলৈ বুলি গৈ থকা অৱস্থাতে এই শোকাৱহ ঘটনা সংঘটিত হয় ৷
নামনিমুৱা ৰে'লৰ খুন্দাত ৰঙিয়াত যুৱকৰ মৃত্যু - ব্যৱসায়িক প্ৰতিষ্ঠান
ৰঙিয়া ৰে'ল জংচনৰ সমীপত অঘটন ৷ নামনিমুৱা ৰে'লৰ খুন্দাত মৃত্যুক সাৱটি ল'ব লগা হয় ৰাজস্থানৰ ৰাম নিবাস জাঠ (২৭) নামৰ এজন যুৱকে ৷
নামনিমুৱা ৰে'লৰ খুন্দাত ৰঙিয়াত যুৱকৰ মৃত্যু
ইপিনে, এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে অভিযোগ কৰে যে, ৰে'ল আৰক্ষীৰ চকুৰ সন্মুখতে মৃতদেহৰ ওপৰেৰে কেইবাখনো ৰে'ল পাৰ হৈ যোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সংশ্লিষ্ট বিভাগে ৷ যাৰ পৰিপ্ৰেক্ষিতত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে যুৱকজনৰ মৃতদেহ ৷ তদুপৰি ৰে'ল বিভাগৰ বিষয়া-কৰ্মচাৰীৰে তৰ্কত লিপ্ত হয় একাংশ সচেতন লোক ৷ অৱশেষত কেইবাঘণ্টাৰ অন্তত ৰে'ল আৰক্ষীয়ে মৃতদেহটো চমজি লয় ৷
লগতে পঢ়কঃপুৰণিগুদামত দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰী বাহন : আহত কেইবাজনো