বকো, ২০ ছেপ্টেম্বৰ :কামৰূপ জিলাৰ বকোত সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা । বকো আগছিয়াৰ পৰা গৰৈমাৰীলৈ যোৱা পথৰ নদিয়াপাৰাৰ ৰে'ল আলিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা । ৰে'ল আলি পাৰ হ'ব লওঁতে তীব্ৰ বেগী মালবাহী ৰে'লে মহতিয়াই নিয়ে এখন চাৰিচকীয়া বাহন ৷ ঘটনাস্থলীত থিতাতে নিহত হয় একেটা পৰিয়ালৰ তিনি গৰাকী সদস্য ৷ লগতে, গুৰুতৰভাবে আহত হয় পৰিয়ালটিৰে আন এগৰাকী সদস্য ৷
তথ্য অনুসৰি, বকোৰ গুৱাহাটী-যোগীঘোপা ৰেলআলি পাৰ হ'ব লওঁতেই এ এছ 01 ডি এফ 8398 নম্বৰৰ চাৰিচকীয়া বাহন এখনক মহতিয়াই নিলে 12369 নং গুৱাহাটীৰ পৰা বঙাইগাঁও অভিমুখী মালবাহী ৰে'লএখনে । উক্ত দুৰ্ঘটনাত থিতাতে নিহত হয় ছয়গাঁও সমষ্টিৰ হাতিশোলাপাম গাঁৱৰ এটা পৰিয়ালৰে তিনি গৰাকী সদস্য আৰু গুৰুতৰভাবে আহত হয় পৰিয়ালটোৰে আন এগৰাকী সদস্য ৷
মৃত ব্যক্তিসকল ক্ৰমান্বয়ে ড° আব্দুল জলিল (46), পত্নী ছানিয়াৰা পাৰবিন (44), জেষ্ঠ্য কন্যা আফৰিন চুলতানা (12) আৰু গুৰুতৰভাৱে আহত হয় কণিষ্ঠা কন্যা জন্নত ঝোহান চুলতানা (5) ৷