অসম

assam

ETV Bharat / state

মদনপুৰ টোলগেটত কমলপুৰৰ ৰাজহ চক্ৰ বিষয়াক দুৰ্ব্যৱহাৰ কৰ্মচাৰীৰ - ড৹ অংকিতা শৰ্মা

মদনপুৰ টোলগেটত তীব্ৰ যান-জঁটৰ সমান্তৰালকৈ টোল সংগ্ৰহৰ নামত অভব্য আচৰণ একাংশ কৰ্মচাৰীৰ ৷ উক্ত কাৰ্যক লৈ সোমবাৰে ৰাজহ চক্ৰ বিষয়া ড৹ অংকিতা শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা । 15 ফেব্ৰুৱাৰীৰ পৰা টোলগেটৰ যান-জঁট নিয়ন্ত্ৰণ হ’ব বুলি সভাত জানিবলৈ দিয়ে ৷

traffic in madanpur toll gate
মদনপুৰ টোলগেটত তীব্ৰ যান-জঁট

By

Published : Jan 18, 2021, 6:04 PM IST

বাইহাটা,18 জানুৱাৰী : কামৰূপ (গ্ৰাম্য)ৰ মদনপুৰ টোলগেটত দেখা গৈছে তীব্ৰ যান-জঁট । যান-জঁটৰ সমান্তৰালকৈ টোল সংগ্ৰহৰ নামত অভব্য আচৰণ কৰিছে একাংশ কৰ্মচাৰীয়ে । জনতাক পণবন্দী কৰি টোল সংগ্ৰহ কৰিছে ঈগল ইনৰ্ফা ইণ্ডিয়া লিমিটেডে । আনহাতে কমলপুৰৰ ৰাজহ চক্ৰ বিষয়াকো কৰিলে অপদস্থ কৰিছে টোলগেটৰ কৰ্মচাৰীয়ে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত কমলপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা । টোলগেট কৰ্তৃপক্ষ, মদনপুৰ গাঁও উন্নয়ন সমিতি, মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাত শীঘ্ৰেই যান-জঁটৰ সমস্যা সমাধান কৰিবলৈ সকীয়নি প্ৰদান কৰে ৰাজহ চক্ৰ বিষয়া ড৹ অংকিতা শৰ্মাই । লগতে টোলগেটৰ কৰ্মচাৰীসকলে যাতে পথচাৰীক কোনো কাৰণতে অভব্য আচৰণ নকৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে ।

মদনপুৰ টোলগেটত তীব্ৰ যান-জঁট

ইফালে টোলগেটৰ পৰা মদনপুৰ অঞ্চলৰ লগতে মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়ত সৃষ্টি হোৱা সমস্যাসমূহ এসপ্তাহৰ ভিতৰত সমাধান কৰি দিবলৈ ৰাজহ চক্ৰ বিষয়া গৰাকীক আহ্বান জনায় স্থানীয় ৰাইজে । এসপ্তাহৰ ভিতৰত সমস্যা সমাধান নহ’লে ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলবাসীয়ে মিলি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে ৰাইজে ।

যান-জঁট ৰোধ সন্দৰ্ভত ঈগল ইনৰ্ফা ইণ্ডিয়া লিমিটেডৰ পৰিচালক অনুপ বলেই কয় যে, 15 ফেব্ৰুৱাৰীৰ পৰা নিয়ন্ত্ৰণ হ’ব টোলগেটৰ যান-জঁট । সকলো বাহনৰ ফাষ্ট টেগ ব্যৱহাৰ বাধ্যতামূলক কৰা হ’ব । ফাষ্ট টেগ নথকা বাহনে ভৰিব লাগিব দুগুণ টোল । মদনপুৰৰ সমস্যাসমূহ এসপ্তাহৰ ভিতৰত সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে পৰিচালক গৰাকীয়ে ৷

লগতে পঢ়ক :ৰঙিয়াৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত শেষ হোৱা নাই বিহুৰ বন্ধ

ABOUT THE AUTHOR

...view details