অসম

assam

By

Published : Jul 16, 2021, 9:08 AM IST

ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 at 9 am
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি:

দুবছৰৰ ভিতৰত বিটিআৰৰ মুখ সলনি হ'ব: প্ৰমোদ বড়ো

বিপিএফ (BPF) এৰি ইউপিপিএল (UPPL) লৈ যোৱা ধনঞ্জয় বসুমতাৰী আৰু মনোনিত সদস্য উইলচন হাসদাই বিটিআৰৰ (BTR) কাৰ্যবাহী সদস্য হিচাপে বৃহস্পতিবাৰে শপতগ্ৰহণ কৰে ৷ শপত বাক্য পাঠ কৰায় বিটিআৰৰ প্ৰধান সচিব শান্তনু পি গোটমাৰেই ৷

ডিব্ৰুগড়ত পোহৰলৈ আহিছে দ্বিতীয়টো কিডনী বিক্ৰীৰ ঘটনা

ৰাজ্যত শেহতীয়াকৈ পোহৰলৈ আহিছে মানৱ অংগৰ গোপন বেহাৰ ভয়াৱহ তথ্য ৷ বুধবাৰে ডিব্ৰুগড়ৰ লাহোৱালত অৱস্থিত ঘোঁৰামৰা চেংঙেলিজান চাহ বাগিচাৰ এগৰাকী ব্যক্তিয়ে কিডনী বিক্ৰী কৰাৰ তথ্য পোহৰলৈ অহাৰ সময়তে পুনৰ পোহলৈ আহিছে ডিব্ৰুগড় জিলাৰ দ্বিতীয়টো কিডনী বিক্ৰীৰ ঘটনা ৷

গো-সংৰক্ষণ বিধেয়কে উত্তৰ-পূৱত বিপদত পেলাব নেকি গেৰুৱা দলক ?

12 জুলাইত অসম বিধানসভাৰ মজিয়াত শাসকীয় বিজেপি দলে ‘গো-সংৰক্ষণ বিধেয়ক 2021’ (Cattle Preservation Bill) উত্থাপন কৰিছিল ৷ কিন্তু এই বিধেয়কখনে প্ৰভাৱ পেলাব পাৰে উত্তৰ-পূৱত গেৰুৱা দলৰ শেহতীয়া উত্থানত ৷ কাৰণ উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যত গো-মাংস এবিধ সুস্বাদু খাদ্য ৷ ইয়াৰ উপৰিও এই বিধেয় উত্তৰ-পূৱৰ অৰ্থনীতিকো প্ৰভাৱান্বিত কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷

ৰাজ্যত কিডনীৰ নামত গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট !

এইবাৰ কিডনী (KIDNY) ক্ৰয়ৰ নামত সংঘটিত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে নগাঁৱত (NAGAON)। চাকৰিৰ প্ৰলোভন দি কিডনী (KIDNY) ক্ৰয় কৰিব বিচৰা চক্ৰৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ । ৰাজ্যত গঢ়ি উঠিছে নেকি বৃক্কৰ ছিণ্ডিকেট ৷ কোনে চলাইছে বৃক্কৰ ছিণ্ডিকেট ৷

ক'ভিড SOP ত শিথিলতা আনিলে জিলা প্ৰশাসনে

ৰাজ্যৰ বহু কেইখন জিলাত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ইয়াৰ মাজত যোৰহাট জিলাও অন্যতম ৷ শেহতীয়াকৈ যোৰহাট জিলাখনত প্ৰশাসনে সম্পূৰ্ণ লক-ডাউন লাঘু কৰি ৰাখিছিল যদিও শুকুৰবাৰৰ পৰা এই ক্ষেত্ৰত কিছু শিথিলতাৰ ব্যৱস্থা কৰিছে যোৰহাট জিলা প্ৰশাসনে ৷ ৰাইজৰ সুবিধাৰ্থে এই শিথিলতাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷ 16 জুলাই,শুকুৰবাৰৰ পৰা জাৰি হ'ব লগীয়া সাল-সলনি সমূহ হৈছে এনেধৰণৰ- 1. আলু আৰু পিঁয়াজৰ পাইকাৰী দোকান সমুহ পুৱা 5 বজাৰ পৰা 12 বজালৈ খুলি দিয়া হৈছে ৷

স্বাস্থ্যমন্ত্ৰীৰ গৃহ জিলাতে চিকিৎসা খণ্ডৰ তথৈবচ অৱস্থা

ৰাজ্যত বৰ্তমানেও অনিয়ন্ত্ৰিত অৱস্থাত আছে ক'ভিডৰ ভয়াৱহ সংক্ৰমণ ৷ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগ তৎপৰ হৈ থকাৰ মাজতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলা নগাঁৱৰ একাংশ চৰকাৰী চিকিৎসালয় তথা স্বাস্থ্য কেন্দ্ৰত দেখা পোৱা গৈছে তথৈবচ অৱস্থা ৷

পুনৰ উত্তপ্ত অসম-মিজোৰাম সীমান্ত

অসমৰ ভূমিৰ তিনি কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি দখল কৰিবলৈ চেষ্টা কৰিছে মিজো দুৰ্বৃত্তই ৷ লগতে অসমৰ ভূ-খণ্ডত থকা গছ-গছনি কাটি তহিলং কৰাৰ লগতে গৃহ নিৰ্মাণো কৰিছে অসমৰ ভূমিতে ৷ যাৰ বাবে অসমৰ সীমান্তত বসৱাস কৰা অসমৰ নাগৰিক (ASSAM CITIZEN) সকলৰ মাজত আতংকই বিৰাজ কৰিছে ৷

বিশ্বনাথত অবৈধ চুলাই ঘাটিত লিটাৰে লিটাৰে চুলাই নষ্ট

অবৈধ চুলাইৰ বিৰুদ্ধে বিশ্বনাথত অব্যাহত আছে আবকাৰী বিভাগৰ (Excise Department) অভিযান ৷ বৃহস্পতিবাৰেও আবকাৰী বিভাগে (Excise department) চলোৱা এটা অভিযানত শ শ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে উচ্ছেদ কৰে কেইবাটাও চুলাই ঘাটি ৷

খোদ বন বিভাগৰ হাততে বনাঞ্চল ধ্বংস

জোনাইত বন বিভাগৰ আজব কাণ্ড ৷ পবা বনাঞ্চলত নাৰ্ছাৰী স্থাপনৰ নামত বন বিভাগে কৰিছে বন ধ্বংস ৷ এই ঘটনাৰ সন্দৰ্ভত জোনাইৰ মহকুমাধিপতিৰ হস্তক্ষেপ বিচাৰিছে জোনাই মহকুমা ছাত্ৰ সন্থাই ৷

কিয় আকৌ বিতৰ্কলৈ আহিল পৰেশ বৰুৱা ?

ভিডিঅ’ যোগে সামাজিক মাধ্যমত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আক্ৰমণৰ লক্ষ্য কৰি ল’লে দুই যুৱকে ৷ পৰেশ বৰুৱাক হাবি এৰি অসমলৈ আহি কাম কৰাৰো প্ৰত্যাহ্বান জনালে দুয়োজনে ৷

ABOUT THE AUTHOR

...view details