অসম

assam

ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - তিনি বজাৰ শীৰ্ষ দহটা বাতৰি

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 3 pm
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Dec 23, 2020, 3:03 PM IST

অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন সংযোজন ঘটাই সাজু ব্ৰহ্মপুত্ৰৰ মুকুতা

অসমৰ পৰ্যটন ক্ষেত্ৰলৈ আন এক নতুন সংযোজন ঘটাই ডিব্ৰুগড়ৰ বগীবিল ঘাটত সাজু হৈছে "ব্ৰহ্মপুত্ৰৰ মুকুতা"। বিশাল ব্ৰহ্মপুত্ৰ নদীক লৈ ডিব্ৰুগড়ত এইবাৰ আৰম্ভ হৈছে নদী পৰ্যটনৰ আন এক নতুন অধ্যায়। নৌকা যানখনত তিনি টাকৈ অত্যাধুনিক শীত-তাপ নিয়ন্ত্ৰিত কোঠা,ৰান্ধনী শাল,সভাগৃহ,ডাইনীং হল, অত্যাধুনিক শৌচাগাৰ আদিৰে পঞ্চম তাৰকাযুক্ত হোটেল সদৃশ সুবিধা উপলব্ধ আছে। তদুপৰি আছে এখন ওপঙা ৰেষ্টুৰেণ্ট আৰু এটা সভা কক্ষ।

যোৰহাটৰ এলাহাবাদ বেংকত উত্তপ্ত পৰিস্থিতি

যোৰহাটৰ মাজমজিয়াত থকা এলাহাবাদ বেংকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৷ বেংক কৰ্মচাৰীসকল পলমকৈ কাৰ্যালয়ত উপস্থিত হোৱাক কেন্দ্ৰ কৰি এই পৰিস্থিতি সৃষ্টি ৷

নিয়ন্ত্ৰণ হেৰুৱাই 24 কিলোমিটাৰ বিপৰীত দিশত চলিল এখন মালবাহী ৰেল

উৰিষ্যাৰ সুন্দৰগড় জিলাৰ বিমালাগাদাত দুৰ্ঘটনাত প্ৰতিত হৈছে এখন মালবাহী ৰে'ল ৷ জানিব পৰা মতে, ৰেলখনে মঙলবাৰে সন্ধিয়া নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় 24 কিলোমিটাৰ বিপৰীত দিশত চলি যায় ৷

বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকঃ ওলোটা পতাকা উত্তোলন কৰিলে ৰঞ্জিত দাসে

কৰিমগঞ্জত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ সভাৰ উদ্বোধনী অনুষ্ঠানত দলৰ পতাকা ওলোটাকৈ উত্তোলন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷

ক্ষুদ্ৰতম সিংহাসন নিৰ্মাণৰ অভিলেখ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত

থুজা কাঠেৰে 1ফুট বৰ্গাকাৰ আৰু 1ফুট 2 ইঞ্চি উচ্চতাৰ সাতখলপীয়া ক্ষুদ্ৰতম সিংহাসন নিৰ্মাণেৰে চামগুৰিৰ কুমাৰগাঁৱৰ বিপুল কুমাৰ বৰাই নিজৰ নাম সন্নিবিষ্ট কৰিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত ৷ সিংহাসনখনত 4টা কাছ,28 টা হাতী আৰু 28 টা নামসিংহ অতি ক্ষুদ্ৰ ক্ষুদ্ৰকৈ কাঠত কাটি সংলগ্ন কৰাত সিংহাসনখনে বিশেষ চৰ্চা লাভ কৰিছিল ৷

9 মাহৰ বিৰতিৰ পিছত দ্বাৰ খুলিব জগন্নাথ মন্দিৰৰ

কৰ’ণা মহামাৰীৰ বাবে বিগত 9 মাহে বন্ধ হৈ আছিল ওড়িশাৰ পুৰীস্থিত জগন্নাথ মন্দিৰৰ দ্বাৰ ৷ শেহতীয়াকৈ কৰ’ণা মহামাৰীৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পিছত জগন্নাথ মন্দিৰ পুনৰ খোলাৰ বাবে যো-জা চলাইছে মন্দিৰ পৰিচালনা কমিটিয়ে ৷

চিষ্টাৰ অভয়াৰ হত্যাকাৰীক আজীৱন কাৰাদণ্ড চিবিআইৰ বিশেষ আদালতৰ

চিষ্টাৰ অভয়াৰ হত্যাকাণ্ডৰে জড়িতৰ অপৰাধত চিবিআইৰ বিশেষ আদালতে ফাদাৰ থমাছ কট্টোৰক দুগুণ আজীৱন কাৰাদণ্ডৰ বিহাৰ বিপৰীতে চিষ্টাৰ ছেফীক আজীৱন কাৰাদণ্ড বিহে ৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ 28 বছৰৰ অন্তত চিবিআইৰ বিশেষ আদালতৰ জে. সনল কুমাৰৰ বিচাৰপীঠে দুয়োগৰাকী অভিযুক্তকে দোষী সাব্যস্ত কৰিছিল ৷

বাখাৰাপাৰা গাৱঁৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী

সৰুতেই পিতৃ-মাতৃক হেৰুৱাই অকলেশৰে জীৱন পাৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী ৷ কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপেোৱা বৃদ্ধা গৰাকীক গৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহে চিৰাং জিলা কংগ্ৰেছৰ নেতা বীৰকুমাৰ অধিকাৰীয়ে ৷

'দ্যা হোৱাইট টাইগাৰ'ৰ ট্ৰেইলাৰ মুকলিত আপ্লুত দৰ্শক

'দ্যা হোৱাইট টাইগাৰ'ৰ ট্ৰেইলাৰে ছচিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক সঁহাৰি । ছবিখনত অভিনয় কৰিছে প্ৰিয়ংকা চোপ্ৰা, ৰাজকুমাৰ ৰাওৰ লগতে আদৰ্শ গৌৰৱে ।

ABOUT THE AUTHOR

...view details