অসম

assam

By

Published : Nov 15, 2020, 3:06 PM IST

ETV Bharat / state

বিয়লি 3 বজাৰ শীৰ্ষ দহটা বাতৰি

বিয়লি 3 বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 at 3 pm
বিয়লি 3 বজাৰ শীৰ্ষ দহটা বাতৰি

নাগ্ৰীজুলিত পথ দুৰ্ঘটনা:শিশুসহ আহত এটি পৰিয়ালৰ পাঁচ গৰাকী

নাগ্ৰীজুলিত পথ দুৰ্ঘটনা। শিশু সহ এটি পৰিয়ালৰ পাঁচ গৰাকী আহত । এই ঠাইত এটা মাহৰ ভিতৰত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু একাধিক লোকে দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল

মদ, ভাং, ড্ৰাগছকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সমদল ৷ নগাঁৱৰ ৰূপহীত সংগঠনটোৱে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰে এই পদক্ষেপ ।

অভিন্ন বিবাহ ৰীতি: কোনো ঠাইত হাঁহি নিষিদ্ধ, কোনো ঠাইত চুম্বন

আজৱ বিশ্ব,আজৱ বিবাহ ৰীতি ৷ মধ্য আফ্ৰিকাৰ এক বিশেষ অঞ্চলৰ বিবাহত নিষিদ্ধ হাঁহি ৷ হাঁহিলে কি বিবাহৰ গাম্ভীৰ্যতা হ্ৰাস পায় ? আনহাতে, চীনৰ এক প্ৰান্তত বিবাহৰ 30 দিন পূৰ্বৰ পৰাই কইনাই কান্দিবলৈ লয় ৷

ৰঙিয়াত চিপ লোৱা অৱস্থাত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

দীপাৱলীৰ আনন্দৰ মাজতে ৰঙিয়াত অঘটন ৷ কম্পিউটাৰ চেন্টাৰৰ শৌচালয়ত উদ্ধাৰ হয় ছাত্ৰৰ মৃতদেহ ৷ ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় চেলিম আলী নামৰ ছাত্ৰ গৰাকীৰ মৃতদেহ ৷

বিগ ব্ৰেকিং : অৱশেষত নিৰ্বাপিত হ’ল বাঘজানৰ জুই

বাঘজানবাসীৰ বাবে এক সুখবৰ ৷ অৱশেষত নিৰ্বাপিত হ’ল বাঘজানৰ অগ্নিকাণ্ড । বিগত প্ৰায় 5 মাহ অৰ্থাৎ 173 দিনৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ । বাঘজানস্থিত BGRৰ 5 নং তৈলখাদৰ জুই নিৰ্বাপন কৰিবলৈ সুদূৰ কানাডাৰ পৰা অনা হৈছিল স্নাভিং যন্ত্ৰৰ ।

মাৰ্কিন বজাৰৰ পৰা ঔষধ ঘূৰাই ল’লে ভাৰতীয় প্ৰতিষ্ঠানে

মাৰ্কিন ফুড আৰু ঔষধ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি, মাৰ্কচাৰ্চ ফাৰ্মাই ডায়বেটিচ ঔষধ মেটফৰ্মিন হাইড্ৰ ক্ল’ৰাইড টেবলেটৰ 500 মিলিগ্ৰাম আৰু 750 মিলিগ্ৰামৰ প্ৰায় ছয় লাখ বটল পুনৰ মাৰ্কিন বজাৰৰ পৰা ঘূৰাই লয় ৷

এক জঘন্য ঘটনাৰ পৰা ৰক্ষা পৰিল শিৱসাগৰৰ পাঁচ শিশু

শিৱসাগৰত সভ্য সমাজক লজ্জিত কৰা ঘটনা ৷ বেজৰ পাকচক্ৰত পৰি বলি দিবলৈ যো-জা চলোৱা বুলি সন্দেহ কৰা ৫ দেৱশিশুক উদ্ধাৰ ৷ ৰাইজে ধৰি আৰক্ষীক গটালে পিতৃসহ ৩ অভিযুক্তক ৷

ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঝাৰখণ্ডবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ সকলো ঝাৰখণ্ডবাসীৰ সু-স্বাস্থ্য আৰু মংগল কামনা কৰি ৰাজ্যখনৰ সকলো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে ৷

বি পিএফ দলৰ হৈ বি. চাওৰাইগৌৰাৰ নিৰ্বাচনী প্ৰচাৰ

বিপিএফ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল এন ডি এফ বিৰ নেতা বি. চাওৰাইগৌৰা ৷ বাক্সা জিলাৰ নতুন শ্ৰীপুৰ বালি হাজৰীত ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী অনসুমৈ শুংগুৰ বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷

বাংলা অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ দেহাৱসান

প্ৰবীণ বাংলা অভিনেতা সৌমিত্ৰ মুখাৰ্জী আৰু নাই ৷ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰৱীন অভিনেতা গৰাকীয়ে ৷ দেওবাৰে পুৱা প্ৰবীণ অভিনেতাজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৷ চিকিৎসকৰ চিকিৎসাৰ প্ৰতি একেবাৰে সঁহাৰি দিয়া নাছিল আৰ্শী উৰ্ধৰ অভিনেতাজনে ৷

ABOUT THE AUTHOR

...view details