ৰাতাবাৰীত জব্দ 20 লাখ টকা
শনিবাৰে ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত ঈশান ছৰা অঞ্চলত এখন ব্যক্তিগত বাহনৰ পৰা আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ সহযোগত ষ্টেটিক ছাৰ্ভিলেঞ্চ টিমে জব্দ কৰে নগদ 20 লাখ টকা । নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে উদ্ধাৰ হৈছে নগদ ধন ৷
অভিজিৎ হাজৰিকা আৰু বেণুধৰ নাথৰ টিকট লাভ
শনিবাৰে নিশা গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা । তালিকা অনুসৰি ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টি আৰু ৭১ নং ঢেকিয়াজুলি বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ক্ৰমে অভিজিৎ হাজৰিকা আৰু বেণুধৰ নাথক ৷
মহাজোঁটবন্ধন কৰি বৰাকত সংকটত পৰিছে কংগ্ৰেছ
বিজেপিক প্ৰতিহত কৰিবলৈ মহাজোঁটবন্ধন কৰি সংকটত পৰিছে কংগ্ৰেছ ৷ বিগত চাৰি দিন ধৰি কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ বৈঠক অনুষ্ঠিত হৈ আহিছে যদিও আসন বুজাবুজিৰ লগতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব পৰা নাই কংগ্ৰেছে ৷ অংশীদাৰ দল বি পি এফক 12 টা সমষ্টি আৰু তিনিটা বাওঁদলক 4 টা সমষ্টি এৰি দিয়া কংগ্ৰেছে এ আই ইউ ডি এফৰ লগত আসন বুজাবুজিৰ ক্ষেত্ৰত সহমতত উপনীত হ'ব পৰা নাই কংগ্ৰেছ৷ বিশেষকৈ বৰাকৰ সমষ্টি কেইটা ভাগ বটোৱাৰা কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ৷
ফুলাম গামোচাৰে উষ্ম আদৰণি ৰূপক শৰ্মাক
নগাঁও সদৰ সমষ্টিৰ বাবে বিজেপি নেতা ৰূপক শৰ্মাক মনোনীত কৰাত বিপুল আদৰণি জনাই সহস্ৰাধিক দলীয় কৰ্মী আৰু সমৰ্থকে । প্ৰাৰ্থিত্ব লাভৰ পাচতে শৰ্মাক বিশাল মটৰ চাইকেল ৰেলীৰে আদৰি আনিলে সমৰ্থকসকলে ৷
মণিলাল গোৱালাৰ দল এৰাৰ ভাবুকি
পাথাৰকান্দি সমষ্টিত টিকট বঞ্চিত হোৱাৰ আভাষ পাই শনিবাৰে দল এৰাৰ ভাবুকি জ্যেষ্ঠ কংগ্ৰেছী নেতা মণিলাল গোৱালাৰ ৷