বকো, 18 জুলাই: শুকুৰবাৰে বকো আৰক্ষী চকীৰ দুগৰাকী আৰক্ষী বিষয়াসহ তিনি গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19 ৰ অৱস্থিতি ৷ আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰত্নেশ্বৰ দাস, আৰক্ষী বিষয়া কামাখ্যা মিশ্ৰ আৰু থানাৰ গাড়ী চালক জয়ন্ত ঠাকুৰীয়াৰ দেহত ধৰা পৰিছে কৰ'ণাৰ অৱস্থিতি ৷ বিগত 11 জুলাইত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰত্নেশ্বৰ দাসৰ স্বাৱ পৰীক্ষা কৰোৱা হৈছিল ৷ তেওঁৰ ফলাফল পজিটিভ অহাৰ পাচতে, আৰক্ষী বিষয়া কামাখ্যা মিশ্ৰ আৰু চালক জয়ন্ত ঠাকুৰীয়াক কৰা স্বাস্থ্য পৰীক্ষাৰ ফলাফলত, তেওঁলোকৰ দেহতো ধৰা পৰে এই মহামাৰীৰ অৱস্থিতি ৷ আক্ৰান্ত তিনিওগৰাকী লোককে সম্প্ৰতি প্ৰেৰণ কৰা হৈছে মিৰ্জাৰ পতঞ্জলি COVID চিকিৎসালয়লৈ ৷
বকো আৰক্ষী চকীৰ তিনিগৰাকী লোক আক্ৰান্ত COVID-19ত
বকো আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকে ধৰি মুঠ তিনি গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ আক্ৰান্ত লোক কেইগৰাকীক প্ৰেৰণ কৰা হৈছে মিৰ্জাস্থিত পতঞ্জলি চিকিৎসালয়লৈ ৷
উল্লেখ্য যে, বকোৰ স্বাস্থ্য বিভাগে শুকুৰবাৰৰ পৰা বকো হাইস্কুল প্ৰাংগনত আৰম্ভ কৰিছে ৰেপিড টেষ্টৰ ব্যৱস্থা ৷ শুকুৰবাৰে সেই পৰীক্ষা কেন্দ্ৰত 25 গৰাকী লোকে স্বাস্থ্য পৰীক্ষা কৰে ৷ সেই কেন্দ্ৰতে ৰেপিড টেষ্ট কৰা দুগৰাকী লোকৰ দেহত ধৰা পৰে COVID-19 ৰ অৱস্থিতি ৷ দুয়োগৰাকী লোকৰ ফলাফল পজিটিভ অহাৰ পাচতে, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰত্নেশ্বৰ দাসৰ দেহতো COVID-19 ৰ অৱস্থিতি ধৰা পৰা ঘটনাই তীব্ৰ আতংকৰ সৃষ্টি কৰিছে অঞ্চলবাসীৰ মাজত ৷ এনেদৰে কেইবাগৰাকীও লোকৰ দেহত COVID-19 ৰ অৱস্থিতি ধৰা পৰাৰ পাচত শনিবাৰে, বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটা দলে বকো থানাত থকা ৫৪ গৰাকী লোকক ৰেপিড টেষ্ট কৰিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:ৰাজ্যৰ 7 খন কাৰাগাৰৰ 239 কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি