অসম

assam

ETV Bharat / state

ৰঙিয়াত তৃতীয় দিনাও অব্যাহত মটৰ পৰিবহন সন্থাৰ চকা বন্ধ কাৰ্যসূচী

ক’ৰণা মহামাৰীৰ বাবে ৰাজ্যত ক’ভিড প্ৰটকল মানি বাহন সমূহ চলাচল কৰিবৰ বাবে অনুমতি প্ৰদান কৰিছিল চৰকাৰে ৷ সামজিক দুৰত্ব মানি বাহন সমূহ চলাচল কৰাৰ ফলতে বাহন সমূহত কেতিয়াবা 50 শতাংশ ,কেতিয়াবা 30 শতাংশ যাত্ৰী লৈ চলাচল কৰিব লগীয়াৰ ফলতে যাত্ৰীবাহী বাহন সমূহৰ ভাড়া বৃদ্ধি কৰিছিল বাহন চালক সন্থাই ৷

thired day soka bondha at rangia
ৰঙিয়াত তৃতীয় দিনাও অব্যাহত মটৰ পৰিবহন সন্থাৰ চকা বন্ধ কাৰ্যসূচী

By

Published : Oct 7, 2020, 1:52 PM IST

ৰঙিয়া,7 অক্টোবৰঃ মটৰ পৰিবহন সন্থাৰ চকা বন্ধ কাৰ্য‍সূচীৰ আজি তৃতীয় দিন । চৰকাৰৰ লগত হোৱা আলোচনা বিফল হোৱাৰ পিছত আজিও ৰঙিয়াত বন্ধ থাকিল সকলো যাত্ৰীবাহী বাহনৰ চলাচল। হাহাকাৰ লাগিছে সৰ্বসাধাৰণ ৰাইজৰ। স্তদ্ধ হৈ পৰিছে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

ৰঙিয়াত তৃতীয় দিনাও অব্যাহত মটৰ পৰিবহন সন্থাৰ চকা বন্ধ কাৰ্যসূচী

ইপিনে বন্ধৰ ফলত সাধাৰণ ৰাইজে জীয়াতু ভূগিছে । ছাত্র-ছাত্ৰীসকলে বাহনৰ বাবে অপেক্ষা কৰি থাকিব লাগিয়া হৈছে । সময়ত যাব পৰা নাই বিদ্যালয়-মহাবিদ্যালয়লৈ। দুই এখন টেম্পো আহিছে ঠিকেই; কিন্তু টেম্পোত ভাড়া ১০ টকাৰ ঠাইত দিব লগা হৈছে ৫০ ৰ পৰা ৬০ টকা পৰ্যন্ত । একাংশ যাত্ৰীয়ে আকৌ খোজ কাঢ়িয়ে যাবলৈ চেষ্টা কৰিছে নিজৰ গন্তব্য স্থানলৈ। কিন্তু তাৰ পিছতো মটৰ পৰিবহণ সন্থাৰ ভাড়া বৃদ্ধিৰ দাবীৰ বিৰোধীতা যাত্ৰী সকলৰ । বাছ ভাড়া বৃদ্ধিৰ দাবী কোনো পধ্যেই মানি নলয় যাত্ৰী সকলে ।

লগতে পঢ়কঃ ওদালগুৰিৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details