অসম

assam

ETV Bharat / state

Mahtali Water Supply Scheme : আঁচনিৰ সৌৰশক্তি উৎপাদন কৰা প্লেটসমূহত পৰিছে চোৰৰ শেনচকু - theft of solar panels at Rangiya Mahtali Water Supply Scheme

ৰঙিয়াৰ মাহতলীত জলসিঞ্চন বিভাগৰ আঁচনিত চোৰৰ চাফাই অভিযান ৷ স্থানীয় ৰাইজৰ সন্দেহ এই প্লেটসমূহ চুৰি কাৰ্যৰে জড়িত হৈ আছে একাংশ ঠিকাদাৰৰ লোক ।

As_rangia_19nov_801_to_804_ptc+bite+photo+vis_water_supply_thief_bandana_sarma_AS10040
Mahtali Water Supply Scheme : আঁচনিৰ সৌৰশক্তি উৎপাদন কৰা প্লেটসমূহত পৰিছে চোৰৰ শেনচকু

By

Published : Nov 19, 2021, 3:55 PM IST

ৰঙিয়া, 19 নৱেম্বৰ : এইবাৰ চোৰৰ শেনচকু পৰিছে জলসিঞ্চন বিভাগ (Irrigation Department)ৰ কেইবা লাখ টকীয়া পানী যোগান আঁচনিৰ ওপৰত ৷ যোৱা এমাহৰ ভিতৰত ৰঙিয়া জলসিঞ্চন বিভাগ (Rangiya Irrigation Department)ৰ অধীনৰ ৬ খনকৈ আঁচনিত চলিল চোৰৰ চাফাই অভিযান । নিশাৰ ভিতৰত চুৰি কৰি নিয়ে পানীযোগান আঁচনিৰ সৌৰশক্তি উৎপাদন কৰা প্লেটসমূহ ৷

ৰঙিয়াৰ মাহতলীত বৃহস্পতিবাৰে নিশা পুনৰ দুৰ্বৃত্তই চুৰি কৰি নিলে পানী যোগান আঁচনিৰ সৌৰশক্তি উৎপাদন কৰা ৯ খনকৈ প্লেট । ৰঙিয়া জলসিঞ্চন সংমণ্ডলৰ অধীনৰ এই আঁচনিখনৰ কেইবা লক্ষাধিক টকা মূল্যৰ সৌৰশক্তি উৎপাদন কৰা প্লেটসমূহ চুৰি হোৱাৰ ফলত বৰ্তমান আঁচনিখনৰ পানীযোগান বন্ধ হৈ পৰিছে । স্থানীয় ৰাইজৰ সন্দেহ এই প্লেটসমূহৰ চুৰি কাৰ্যৰে জড়িত হৈ আছে একাংশ ঠিকাদাৰৰ লোক ।

ৰঙিয়াত পানী যোগান আঁচনিত চোৰৰ চাফাই অভিযান

আঁচনিখনৰ পৰিচালনা কমিটিৰ লোকসকল ইতিমধ্যে তুলসীবাৰী আৰক্ষীৰ কাষ চাপিছে । কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে কোনো সম্ভেদ উলিয়াব পৰা নাই দুৰ্বত্তৰ ৷ যাৰ বাবে এটাৰ পিছত আন এটা আঁচনিত চুৰি কাৰ্য সংঘটিত হ’বলৈ ধৰিছে ।

উল্লেখ্য যে, প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা আঁচনিখনৰ পৰা স্থানীয় ৰাইজে খেতিৰ বাবে লাভ কৰিছিল পানী । প্ৰায় ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা পানী যোগান আঁচনিখনৰ পৰা অঞ্চলটোৰ প্ৰায় পাঁচ বিঘা মাটিত পানী যোগান ধৰা হৈছিল । শালি খেতিৰ অন্তত কৃষক ৰাইজে ৰবি শস্যৰ বাবে মন মেলিছিল যদিও এতিয়া পানী যোগান বন্ধ হৈ থকাৰ বাবে খেতি কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে কৃষক ৰাইজ ।

লগতে পঢ়ক :Farm Law বাতিলক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details