ৰঙিয়া, 10 ডিচেম্বৰ:গৃহস্থ বজাৰলৈ ওলাই যোৱাৰ সুযোগ গ্ৰহণ কৰি বুধবাৰে নিশা ৰঙিয়াৰ গোঁসাই শৌলমাৰী গাঁৱত সংঘটিত হ'ল চুৰিকাণ্ড। ৰঙিয়াৰ চাজিনা বেগম নামৰ শিক্ষয়ত্ৰী গৰাকীৰ ঘৰত চোৰে দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি লুট-পাত চলাই লক্ষাধিক টকাৰ সা-সম্পত্তি লৈ উধাও হয় ৷
গৃহস্থ বজাৰলৈ ওলাই যোৱাৰ সুযোগত চুৰে লুটিলে লক্ষাধিক টকাৰ সম্পত্তি - ৰঙিয়াত চাঞ্চল্যকৰ চুৰিকাণ্ড
ৰঙিয়াত চাঞ্চল্যকৰ চুৰিকাণ্ড ৷ আবেলি গৃহস্থ বজাৰলৈ ওলাই যোৱাৰ সোণালী সুযোগ গ্ৰহণ কৰি চোৰে ৰঙিয়াৰ এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰৰ পৰা চোৰে লক্ষাধিক টকাৰ সা-সম্পত্তি লুটি নিয়ে ৷
ভোক্তভোগীৰ অভিযোগ অনুসৰি চোৰৰ দলটোৱে নগদ ধনসহ প্ৰায় তিনি লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ লুট কৰি নিয়ে । ঘটনাৰ বিৱৰণী অনুসৰি শিক্ষয়ত্ৰী চাজিনা বেগমে তেওঁৰ স্বামী আব্দুল হাকিমৰ সৈতে সন্ধিয়া বজাৰলৈ ওলাই যোৱাৰ সময়তে চোৰে তলা ভাঙি তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে ৷ বজাৰৰ পৰা উভটি যোৱাৰ পাছত পৰিয়ালটোৱে ঘৰৰ গেটৰ তলাৰ লগতে ঘৰৰ বাৰান্দাৰ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে ।
অভিযোগ অনুসৰি চোৰৰ দলটোৱে ঘৰৰ তলা ভাঙি আলমাৰীৰ কাপোৰ-কানি লণ্ডভণ্ড কৰাৰ লগতে আলমাৰিৰ তলা ভাঙি সোণৰ গহনাৰ লগতে নগদ ধন লৈ উধাও হয় ৷ ঘটনা সন্তৰ্ভত ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক:পত্নীক হানি-খুচি হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে