গুৱাহাটী, 26 ছেপ্তেম্বৰ: জালুকবাৰী আৰক্ষীৰ নিষ্ক্ৰীয়তাৰ সুযোগ লৈ জালুকবাৰী মালিগাঁৱৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা ৷ শুকুৰবাৰে নিশাৰ ভাগত মালিগাঁৱৰ পাণ্ডুত সংঘটিত হয় এনে এক চুৰিকাণ্ডৰ ঘটনা ৷ দুটাকৈ চোৰে চুৰি কৰি লৈ যায় পিয়া লাল নামৰ লোকজনৰ এখন অটো ৰিক্সা ৷ পাণ্ডুৰ ব্যৱসায়ীক চৌহদটোত প্ৰৱেশ কৰি অতি কৌশলৰে অটো ৰিক্সাখন চুৰি কৰি লৈ যায় চোৰ দুটাই ৷ চৌহদটোত সংস্থাপিত চিচি টিভি কেমেৰাত বন্দী হৈ ৰ'ল চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য ৷
পাণ্ডু-মালিগাঁৱত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা - পাণ্ডু ব্যৱসায়ীক চৌহদ
শুকুৰবাৰে নিশাৰ ভাগত মালিগাঁৱৰ পাণ্ডুত সংঘটিত হয় এনে এক চুৰিকাণ্ডৰ ঘটনা ৷ দুটাকৈ চোৰে চুৰি কৰি লৈ যায় পিয়া লাল নামৰ লোকজনৰ এখন অটো ৰিক্সা ৷
পাণ্ডু-মালিগাঁৱত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা
ইফালে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লোকজনে ৷ অঞ্চলটোত এতিয়া এনেদৰেই ইটোৰ পিছত সিটোকৈ চুৰিকাণ্ড সংঘটিত হৈ থকা ঘটনাই নিদ্ৰা হৰিছে ৰাইজৰ ৷ কিন্তু চোৰক নাকি লগাবলৈ কোনো ব্যৱস্থায়ে ল'ব পৰা নাই স্মাৰ্ট মহানগৰ আৰক্ষীয়ে ৷
লগতে পঢ়কঃ সোণোৱালে অসমীয়া জাতিক বিশ্বাস নকৰে:অদিপ কুমাৰ ফুকন