ৰঙিয়া, 31 ডিচেম্বৰ:নৱবৰ্ষৰ প্ৰাকক্ষণতেই এপ'ল মিলৰ শ্ৰমিক সকলৰ বাবে আহিছে এটা নতুন খবৰ । চাৰি বছৰে বিনা বেতনে বহু কষ্টৰ মাজত দিন কটাবলগীয়া হোৱা এই সকল শ্ৰমিকৰ বাবে অৱশেষত ১৫ কোটি টকা মোকলাই দিয়াৰ কথা সদৰী কৰিল চৰকাৰে ৷ উল্লেখযোগ্য যে, এপ'ল কৰ্মচাৰীৰ ভিআৰএছৰ প্ৰথম কিস্তিত পোন্ধৰ কোটি দিয়া হ’ব বুলি ঘোষণা চৰকাৰৰ ৷
এপ'ল কৰ্মচাৰীলৈ 15 কোটি টকা মোকলাই দিলে চৰকাৰে - কেবিনেটে সিদ্ধান্ত
এপ'ল মিলৰ শ্ৰমিক সকললৈ এটা ভাল খবৰ । বহু প্ৰতিক্ষা তথা আন্দোলনৰ অন্তত চৰকাৰৰ নতুন সিদ্ধান্ত ৷ মিলটোৰ কৰ্মচাৰীসকলক ৯ কোটি ৩৫ লাখ টকা মোকলাই দিয়াৰ কথা ঘোষণা কৰে চৰকাৰে ৷
কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই চৰকাৰৰ পৰা কৰ্মচাৰী সকলৰ ভিআৰএছৰ বাবে পোন্ধৰ কোটি টকা মোকলাই দিয়াৰ কথা সদৰী কৰিছে ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই ৷ এই পোন্ধৰ কোটি টকা হৈছে ভিআৰএছৰ সমুদায় ধনৰ ৪৫%৷ এই মিলটোৰ বিভিন্ন বৰ্গত কৰ্মৰত হৈ থকা সমুদায় ৩৯৪ জন কৰ্মচাৰীক দিয়া হব৷ ইতিমধ্যে এই কৰ্মচাৰী সকলৰ দুজনে আত্মহত্যা কৰিছে আৰু কেইবাগৰাকীৰো চিকিৎসা অবিহনে মৃত্যু হৈছে। চাৰিবছৰৰ দীঘল সময়ছোৱাত মিলটোৰ কৰ্মচাৰী সকলৰ লগতে আছু তথা স্থানীয় ৰাইজে বহুবাৰ আন্দোলন প্ৰতিবাদ কৰিলে। কৰ্মচাৰীসকলৰ আৰ্থিক অৱস্থা দিনে দিনে বেয়াৰ ফালে ঢাল খাইছিল। মিলটোৰ কৰ্মচাৰীসকলক ৯ কোটি ৩৫ লাখ টকা মোকলাই দিয়াৰ কথা ঘোষণা কৰাৰ পিছত এটা অংশহে মুকলি কৰি দিয়া হল । বাকী অংশটো এতিয়ালৈ চৰকাৰী নীতি নিয়মৰ দোহাই দি মুকলি কৰি দিয়া নহ’ল। সেয়েহে এইবাৰো যাতে ৰঙাফিতাৰ মেৰপাকত সোমাই নাৰাখি ধনখিনি অতি সোনকালে মোকলাই দিয়ে, এই কাতৰ আহ্বান জনাইছে এপ'ল কৰ্মচাৰীসকলে ।
লগতে পঢ়ক:2020ত সফল পৰীক্ষণ সম্পন্ন হোৱা ভাৰতৰ ক্ষেপনাস্ত্ৰ প্ৰণালীসমূহ