অসম

assam

ETV Bharat / state

হাজো আৰক্ষীক সম্বৰ্ধনা শিক্ষক সমাজৰ - হাজো আৰক্ষী

হাজো আৰক্ষীৰ কৰ্তব্যত সন্তুষ্ট হৈ আৰক্ষী বিষয়াৰ সকলক লগতে কনিষ্টবল সকলক সম্বৰ্ধনা জনায় সদৌ অসম টেট উৰ্ত্তীণ শিক্ষক সমাজৰ হাজো গোটে ৷

ETV BHARAT
নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ বাবে হাজো আৰক্ষীক সম্বৰ্ধনা শিক্ষক সমাজৰ

By

Published : May 21, 2020, 5:05 PM IST

হাজো, ২১ মেঃ সদৌ অসম টেট উৰ্ত্তীণ শিক্ষক সমাজে হাজো আৰক্ষী থানাৰ আৰক্ষীসকলক সম্বৰ্ধনা জনায় ৷ জৰুৰীকালীন সময়ত নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ বাবে সম্বৰ্ধনা শিক্ষক সমাজৰ ৷

নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ বাবে হাজো আৰক্ষীক সম্বৰ্ধনা শিক্ষক সমাজৰ

দেশত অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ লক ডাউন ব্যৱস্থা ৷ এই জৰুৰী কালীন সময়ত নিষ্ঠাৰে দায়িত্ব পালন কৰা প্ৰতিজন যোদ্ধাই এতিয়া প্ৰশংসাৰ পাত্ৰ ৷ এই ভয়ংকৰ পৰিস্থিতিত হাজো আৰক্ষীয়েও সুন্দৰভাৱে নিজ নিজ দায়িত্ব পালন কৰা দেখা গৈছে ৷ হাজো আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ লগতে কনিষ্টবল সকলক উৎসাহ-প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে সদৌ অসম টেট উৰ্ত্তীণ শিক্ষক সমাজৰ হাজো গোটে আৰক্ষী সকলক সম্বৰ্ধনা জনায় ৷ শিক্ষক সমাজে আৰক্ষী সকলক একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে একোখন মান পত্ৰও দিয়ে শিক্ষক সমাজে ৷ হাজো প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ হৈ সম্পাদক কৃষ্ণ কলিতাই অনুষ্ঠানটোৰ আঁত ধৰি প্ৰথমে হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ বৰ্মনক এখন ফুলাম গামোছা আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জনায় ৷ লক ডাউনৰ সময়ত হাজো আৰক্ষী থানাই নিষ্ঠাৰে দায়িত্ব পালন কৰাত থানাখনৰ আৰক্ষীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ হৈ হাজো টেট শিক্ষক সমাজে সম্বৰ্ধনা জনোৱা কাৰ্য সচাকৈয়ে প্ৰশংসনীয় ৷

লগতে পঢ়ক-লক ডাউনৰ সময়ত টিংখাঙৰ এজন শিল্পীৰ ব্যতিক্ৰমী প্ৰচেষ্টা

ABOUT THE AUTHOR

...view details