ETV Bharat Assam

অসম

assam

ETV Bharat / state

বিদ্যালয় একত্ৰিকৰণকলৈ ৰঙিয়াত সৃষ্টি হুলস্থূলীয়া পৰিৱেশ - ৰঙিয়াৰ আৰিমত্ত বিদ্যাপীঠ হাইস্কুল

বিদ্যালয় একত্ৰিকৰণকলৈ পুৱাই ৰঙিয়াৰ আৰিমত্ত বিদ্যাপীঠ হাইস্কুলত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ (Tense situation at Rangia) ৷ কিয়নো ৰঙিয়াৰ আৰিমত্ত বিদ্যাপীঠ হাইস্কুলৰ লগত ৰে’লৱে হাইস্কুল একত্ৰিতকৰণৰ বাবে দুমাহ পূৰ্বে শিক্ষা বিভাগে এক নিৰ্দেশনা জাৰি কৰিছিল । সেই অনুসৰি কম সংখ্যক শিক্ষাৰ্থী থকা বিদ্যালয়সমূহক একত্ৰিকৰণো কৰা হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত এটা লবীয়ে উক্ত একত্ৰিকৰণৰ বিৰোধিতা কৰি শিক্ষা বিভাগক পুনৰ ৰঙিয়াৰ আৰিমত্ত বিদ্যাপীঠ হাইস্কুলৰ লগত ৰে’লৱে হাইস্কুলৰ পৃথকীকৰণ কৰিবলৈ লৈছে ৷ এই অভিযোগ ৰঙিয়া ছাত্ৰ সন্থাৰ ৷

বিদ্যালয় একত্ৰিকৰণকলৈ ৰঙিয়াত সৃষ্টি হুলস্থূলীয়া পৰিৱেশ
বিদ্যালয় একত্ৰিকৰণকলৈ ৰঙিয়াত সৃষ্টি হুলস্থূলীয়া পৰিৱেশ
author img

By

Published : Jun 1, 2022, 2:14 PM IST

ৰঙিয়া, 1 জুন :হঠাৎ উত্তপ্ত হৈ পৰিল ৰঙিয়াৰ আৰিমত্ত বিদ্যাপীঠ হাইস্কুল (Tense situation at Rangia) ৷ বিদ্যালয় একত্ৰিকৰণকলৈ এক হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হয় আৰিমত্ত বিদ্যাপীঠ হাইস্কুলত ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম থকা বিদ্যালয়সমূহক কাষৰ বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

ইয়াৰ পিছতেই ৰঙিয়াৰ আৰিমত্ত বিদ্যাপীঠ হাইস্কুলৰ লগত ৰে’লৱে হাইস্কুল একত্ৰিতকৰণৰ বাবে দুমাহ পূৰ্বে শিক্ষা বিভাগে এক নিৰ্দেশনা জাৰি কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত এটা লবীয়ে উক্ত একত্ৰিকৰণৰ বিৰোধিতা কৰি শিক্ষা বিভাগক পুনৰ বিদ্যালয়খন পৃথকিকৰণ কৰি পূৰ্বৰ দৰে ৰখাৰ চক্ৰান্ত কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ।

একত্ৰিকৰণ আৰু পৃথকিকৰণৰ এনে এক খেলিমেলিৰ বাবে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ( Tense situation at Rangia to School Integration)।

বিদ্যালয় একত্ৰিকৰণকলৈ ৰঙিয়াত সৃষ্টি হুলস্থূলীয়া পৰিৱেশ

আছুৰ নেতা হেমন্ত দাসে বিদ্যালয়খন পুনৰ পৃথকীকৰণ কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় । ৰে’লৱে হাইস্কুলখন ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱা বাবে চৰকাৰী নিয়মমতে আৰিমত্ত বিদ্যাপীঠৰ লগত চামিলকৰন কৰিছিল শিক্ষা বিভাগে ।

লগতে পঢ়ক :Commercial LPG cylinder price cut: 1 জুনৰ পৰা ১৩৫ টকালৈ হ্ৰাস পালে মূল্য

সেই মৰ্মে আৰিমত্ত বিদ্যাপীঠত উক্ত বিদ্যালয়খনৰ 53 জন ছাত্ৰ-ছাত্ৰীয়ে পাঠগ্ৰহণ কৰাৰ লগতে 18 গৰাকী শিক্ষক আৰু 3 গৰাকী কৰ্মচাৰীয়ে যোগদান কৰে । কিন্তু বিদ্যালয়খন একত্ৰিকৰণ কৰাৰ পিছতে এক লবীয়ে বিদ্যালয়খন পুনৰ পৃথকিকৰণ কৰাৰ বাবে নানাধৰণৰ কুট-কৌশল অৱলম্বন কৰা বুলি ছাত্ৰ নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰে ।

বিশেষকৈ পাল উপাধিৰ এজন নেতাই ৰাজনৈতিক স্বাৰ্থৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতকলৈ হেতালি খেলা কাৰ্য আছুৱে সহ্য নকৰে বুলি সকীয়াই দিয়ে ৷ লগতে কয় যে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বিষয়টোৰ পৰা ৰাজনীতিক আতৰাই ৰাখিব লাগে । লগতে শিক্ষা বিভাগে পুনৰ কৰিব বিচাৰি ছাত্ৰ-ছাত্ৰীসকলক মানসিক ভাবে হাৰাশাস্তি প্ৰদান কৰা কাৰ্যক গৰিহণা দিয়ে ।

আনহাতে, ৰে’লৱে হাইস্কুলৰ পৰা আৰিমত্ত বিদ্যাপীঠলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে আৰিমত্ত বিদ্যাপীঠত পঢ়ি ভাল লগা বুলি কয় সংবাদমাধ্যমৰ আগত । নতুন পৰিৱেশত নতুন বন্ধু-বান্ধৱীৰ লগত নিজকে খাপ খুৱাই লৈ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনতেই ভৱিষ্যতে পঢ়াৰ মন আছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।

লগতে পঢ়ক :Tara Air plane crash: তদন্তৰ বাবে 5 জনীয়া আয়োগ গঠন

ABOUT THE AUTHOR

...view details