অসম

assam

নামভৰ্তিয়ে সংকটত পেলাইছে ৰঙিয়াৰ একাংশ শিক্ষাৰ্থীক

By

Published : Aug 25, 2021, 9:50 AM IST

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত(Rangia Higher Secondary School) নামভৰ্তিক লৈ হাহাকাৰ ৷ মেধাৰ ওপৰত ভিত্তি কৰিহে নামভৰ্তি হ’ব মাধ্যমিক বিদ্যালয়ত ৷ এই সন্দৰ্ভত কি মন্তব্য বিদ্যালয়খনৰ অধ্যক্ষৰ চাওক এই প্ৰতিবেদনত...

students in trouble for admission at rangia
ৰঙিয়াত নামভৰ্তিৰ সমস্যা

ৰঙিয়া, 25 আগষ্ট : ক’ভিড(Covid) সৃষ্ট পৰিৱেশৰ মাজতে মূল্যাংকন পদ্ধতিৰে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ(AHSEC)ৰ ফলাফল ৷ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবেলি উত্তীৰ্ণৰ হাৰ সৰ্বাধিক হোৱা দেখা যায় ৷ ইয়ালৈকে সকলো ঠিকেই আছিল ৷ তাৰপিছতহে লাগিল কেণা ৷ উত্তীৰ্ণৰ বিপৰীতে নামভৰ্তি কৰিবলৈ আসনৰ অভাৱ ৰাজ্যৰ অধিকাংশ শিক্ষানুষ্ঠানত ৷

যাৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সৈতে বহুবাৰ বৈঠকত মিলিত হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল ৷ আছু নেতৃত্বক শিক্ষামন্ত্ৰীয়ে এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাসো দিছিল ৷ কিন্তু তাৰপিছতো আসনৰ অভাৱ হোৱা দেখা গৈছে ৰাজ্যৰ অধিকাংশ শিক্ষানুষ্ঠানত ৷ যাৰ বাবে ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত এতিয়া নামভৰ্তিৰ বাবে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷

ৰঙিয়াত নামভৰ্তিৰ সমস্যা

তেনে এক পৰিস্থিতি সৃষ্টি হৈছে অগ্ৰণী শিক্ষানুষ্ঠান ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত(Rangia Higher Secondary School) ৷ শিক্ষানুষ্ঠানখনত নামভৰ্তিক লৈ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ তথ্য অনুসৰি, মাধ্যমিক বিদ্যালয়খনৰ কলা শাখাত(Arts Stream) আসনৰ সংখ্যা হৈছে 150 খন, বাণিজ্য শাখাত(Commerce Stream) 60 খন আৰু বিজ্ঞান শাখাত(Science Stream) 80 খন ।

লগতে পঢ়ক:গ্ৰেপ্তাৰ হ’ল 100 কোটি ভূ-সম্পত্তিৰ গৰাকী ACS বিষয়া ছাইবাৰ ৰহমান

কিন্তু বৰ্তমানলৈকে অনলাইনযোগে বিদ্যালয়খনত 800 গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ বাবে আবেদন কৰিছে ৷ তেনে পৰিপ্ৰেক্ষিতত যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মাধ্যমিক বিদ্যালয়খনত নামভৰ্তি কৰিব নোৱাৰিব বুলি অধ্যক্ষ দীপক কলিতাই জানিবলৈ দিয়ে । তেওঁ কয় যে, বিদ্যালয়খনত মেধাৰ ওপৰত ভিত্তি কৰিহে ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তিৰ বাবে অগ্ৰাধিকাৰ দিয়া হ’ব ৷

অধ্যক্ষগৰাকীৰ এই মন্তব্যই চিন্তিত কৰি তুলিছে বহু পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক । কাৰণ যদিহে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰে, তেন্তে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে বিশেষকৈ বিপিএল পৰিয়ালৰ শিক্ষাৰ্থীয়ে অধিক ধন ব্যয় কৰি ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ত নামভৰ্তি কৰিব লাগিব ৷ যি বেছিভাগ পৰিয়ালৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে ৷ সেয়ে প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলে এইক্ষেত্ৰত শিক্ষামন্ত্ৰীক এক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে ৷

লগতে পঢ়ক:উপ-নিৰ্বাচন: সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে থাওৰাত যুদ্ধ ঘোষণা ভূপেন বৰাৰ

ABOUT THE AUTHOR

...view details