অসম

assam

ETV Bharat / state

আজি পৱিত্ৰ পৰ্ব মহৰম : ৰাজ্য চৰকাৰৰ অৰ্ধ ছুটী ঘোষণা - আজি মুছমাল সম্প্ৰদায়ৰ পৱিত্ৰ পৰ্ব মহৰম

মহৰম উপলক্ষে শুকুৰবাৰে অৰ্ধ ছুটী ঘোষণা অসম চৰকাৰৰ ৷ মহৰম একেশ্বৰবাদী মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব যিটো মুহৰৰম ইছলামিক বৰ্ষপঞ্জিৰ প্ৰথম মাহত পালন কৰা হয়।

state government announces half holiday on the ocassion of muharram
আজি মুছমাল সম্প্ৰদায়ৰ পৱিত্ৰ পৰ্ব মহৰম : ৰাজ্য চৰকাৰৰ অৰ্ধ ছুটী ঘোষণা

By

Published : Aug 20, 2021, 7:24 AM IST

Updated : Aug 20, 2021, 10:27 AM IST

নিউজ ডেস্ক, 20 আগষ্ট : ‘মহৰম’ একেশ্বৰবাদী মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব যিটো মুহৰৰম ইছলামিক বৰ্ষপঞ্জিৰ প্ৰথম মাহত পালন কৰা হয়। ই যদিও ছিয়া মুছলমানসকলৰহে পৱিত্ৰ পৰ্ব তথাপিও ইয়াৰ অন্তৰ্নিহিত ভাৱ আৰু অনুভূতিয়ে ইয়াক মুছলমানসকলৰ সৰ্বজনীন পৰ্বত পৰিণত কৰিছে ।

মুছলমানসকলৰ তীব্ৰ বেদনাৰ স্মৃতি-বিজড়িত মহৰম মাহ অতি পৱিত্ৰ মাহ। এই মাহতেই মহাপুৰুষ হজৰত মহম্মদৰ আবিৰ্ভাৱ হৈছিল। মুছলমানসকলৰ বিশ্বাস যে এই মাহতে সৃষ্টিকৰ্তা ভগৱানে পৃথিৱী সৃষ্টি কৰিছিল ।

এই মহৰম মাহতেই এই পৰ্ব পালন কৰা হয়; সেইবাবে এই পৰ্বটো মহৰম নামেৰে জনাজাত। ইছলাম ধৰ্ম-প্ৰৱৰ্তক হজৰত মহম্মদৰ নাতি হাচান আৰু হোচেনৰ হিয়া বিদাৰক, মৰ্মন্তুদ মৃত্যুৰ স্মৃতি উপলক্ষে এই পৰ্ব অনুষ্ঠিত হয় ।

মুছলমান ধৰ্মাৱলম্বীৰ পৱিত্ৰ পৰ্ব মহৰম উপলক্ষে ২০ আগষ্ট অৰ্থাৎ আজি অৰ্ধ ছুটী ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । চৰকাৰী বন্ধসূচী অনুসৰি এই দিনটো ১৯ আগষ্ট আছিল যদিও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যিক হিলাল কমিটীৰ সিদ্ধান্তৰ ভিত্তিত ১৯ আগষ্টৰ পৰিৱৰ্তে ২০ আগষ্টত মহৰমৰ চৰকাৰী অৰ্ধ ছুটী ঘোষণা কৰা হয় ৷

লগতে পঢ়ক :প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম বাৰ্ষিকী...

Last Updated : Aug 20, 2021, 10:27 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details