ৰঙিয়া, 11 ডিচেম্বৰ :ৰঙিয়াত ৩০ গৰাকী শিক্ষিত যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷ ১০০ বিঘা মাটিত সৰিয়হ আৰু মটৰৰ খেতিৰে স্বাৱলম্বী হোৱাৰ লক্ষ্য বান্ধি লৈছে যুৱক কেইগৰাকীয়ে ৷ এই ক্ষেত্ৰত তেওঁলোকক উৎসাহ আৰু সহযোগিতা আগবঢ়াইছে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই ৷
খেতিৰে বজাৰ দখল কৰিবলৈ ওলাই অহা এদল যুৱক - spirited youths of rangia
সৰিয়হ আৰু মটৰৰ খেতিৰে স্বাৱলম্বী হোৱাৰ লক্ষ্য বান্ধি লোৱা ৰঙিয়াৰ এদল উদ্যমী যুৱক ৷ ১০০ বিঘা মাটিত খেতি কৰি নিজৰ উপাৰ্জনৰ থল বাছি লোৱা যুৱক কেইগৰাকীক উৎসাহ আৰু সহযোগিতা আগবঢ়াইছে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই ৷
শুকুৰবাৰে মন্ত্ৰী ভৱেশ কলিতাই নিজে পথাৰত নামি সৰিয়হৰ বীজ ছটিয়াই যুৱক কেইজনক উৎসাহ যোগোৱা পৰিলক্ষিত হয় ৷ সচৰাচৰ আমাৰ সকলোৰে পৰিচিত চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰা শিক্ষিত যুৱকৰ প্ৰতিচ্ছবিৰ সম্পূৰ্ণ ওলোটা দৃশ্য দেখিবলৈ পোৱা গ'ল ৰঙিয়াৰ যুৱক কেইগৰাকীৰ মাজত ৷ কৃষি কৰ্মৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে ওলাই আহিছে উদ্যমী যুৱক কেইগৰাকী ৷ বছৰত এবাৰহে খেতি কৰা মাটিডৰাত তিনিটাকৈ ভিন্ন খেতি কৰি কৃষি বিপ্লৱৰ সূচনা কৰিছে তেওঁলোকে ৷