আমিনগাঁও, ৮ মাৰ্চঃ শুক্ৰৰাবৰে দেশজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱস । দেশৰ সমান্তৰাল কৈ ৰাজ্যৰ আমিনগাঁৱত পালন কৰা হয় নাৰী দিৱস । অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ উদ্যোগত পালন কৰা হয় নাৰী দিৱস । এই অনুষ্ঠানতেই বিশিষ্ট লেখিকা জিমনি চৌধুৰীয়ে আন্তৰ্জাতিক নাৰী দিৱসত মহিলাৰ অধিকাৰ বিচাৰি হৈ পৰে সোচ্চাৰ । চৰকাৰে সোণ দিয়ে কিন্তু ৰাজনৈতিক অধিকাৰ নিদিয়ে বুলি উল্লেখ কৰি পুৰুষতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ নকৰাটো পৰিতাপৰ বিষয় বুলি মন্তব্য কৰে লেখিকাগৰাকীয়ে । আমিনগাঁৱত অসম প্ৰদেশ মহিলা কংগ্ৰেছে উদযাপন কৰা আন্তৰ্জাতিক নাৰী দিৱসত জিমনি চোধুৰীৰ লগতে কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা উপস্থিত থাকে । ইপিনে আগন্তুক লোকসভাত ৰাজ্যৰ কংগ্ৰেছ দলত তিনি গৰাকী মহিলাক প্ৰাৰ্থিত্ব দিয়াৰ দিয়াৰ কথা প্ৰকাশ কৰে ববিতা শৰ্মাই ।
" চৰকাৰে সোণ দিয়ে কিন্তু ৰাজনৈতিক অধিকাৰ নিদিয়ে" : জিমনি চৌধুৰী - জিমনি চৌধুৰী
আন্তৰ্জাতিক নাৰী দিৱসত মহিলাৰ অধিকাৰ বিচাৰি সোচ্ছাৰ বিশিষ্ট লেখিকা জিমনি চৌধুৰী
" চৰকাৰে সোণ দিয়ে কিন্তু ৰাজনৈতিক অধিকাৰ নিদিয়ে" : জিমনি চৌধুৰী
এই অনুষ্ঠানত জুৰি শৰ্মা বৰদলৈয়ে নিৰ্বাচনৰ সময়তহে মহিলাৰ প্ৰয়োজন কিন্তু নিৰ্বাচনৰ পাচত পুৰুষতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাত মহিলাৰ কোনো গুৰুত্ব নাই মন্তব্য কৰে । আনহাতে অনুষ্ঠানটোত অসম প্ৰদেশ মহিলা কংগ্ৰেছ সমিতিৰ সভানেত্ৰী নন্দিতা দাসেও ক্ষুৰধাৰ সমালোচনা কৰে মোডী চৰকাৰক ।