কামৰূপ, 29 মে': ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰীৰ ৰম্যভূমিত পৰিণত হৈছে মহানগৰীৰ লগতে দাঁতিকাষৰীয়া অঞ্চল সমূহ। বুধবাৰে আজাৰা আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক হয় দুই ব্যৱসায়ী ৷ ইপিনে মহানগৰীৰ ধাৰাপুৰৰ SOS ৰ'ডত মঙলবাৰে আটক হয় দুই ড্ৰাগছ ব্যৱসায়ী। আজাৰা আৰক্ষী থানা আৰু বৰঝাৰ আৰক্ষী চকীৰ যৌথ অভিযানত ধাৰাপুৰৰ SOS ৰ'ডৰ পৰা জব্দ কৰে এক গ্ৰাম ড্ৰাগছ, আটক কৰা হয় গাঞ্জাসহ দুই ব্যৱসায়ী । লগতে দুয়োজন ব্যৱসায়ীৰ পৰা উদ্ধাৰ কৰে তিনিটা মোবাইল আৰু নগদ ধন। বৰ্তমান আজাৰা আৰক্ষীৰ জিম্মাত আছে চাৰিজনকৈ ড্ৰাগছ তথা গাঞ্জা ব্যৱসায়ী ৷
আজাৰা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক ব্যৱসায়ী
আজাৰা আৰক্ষী থানা আৰু বৰঝাৰ আৰক্ষী চকীৰ যৌথ অভিযানত ধাৰাপুৰৰ SOS ৰ'ডৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ লগতে গাঞ্জাসহ আটক চাৰিজনকৈ ব্যৱসায়ী
আজাৰা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক ব্যৱসায়ী
মঙলবাৰে পৰাগমণি নাথ আৰু বিকাশ মেধীক আটক কৰাৰ বিপৰীতে বুধবাৰে ৰহিম আলি আৰু ৰিজু আলি নামৰ ব্যৱসায়ী দুজনক আটক কৰি চাৰিওজনৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ । আটকাধীন চাৰিজনকে বুধবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে আজাৰা আৰক্ষীয়ে। লগতে অনাগত দিনটো আজাৰা আৰক্ষীৰ নিৰ্দেশত এই অভিযান চলি থাকিব বুলি জনাই আজাৰা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক দত্তই।
আৰু পঢ়কঃ অৰ্থৰ অভাৱত থমকিছে দুই সম্ভাৱনা